ওদালগুৰিঃ আকৌ ৰাজ পথত আশাকৰ্মী৷ বছৰ বছৰ ধৰি প্ৰাপ্য অধিকাৰৰ দাবীত সংগ্ৰাম কৰি অহা আশা কৰ্মী সকলক ৰাজ্য তথা কেন্দ্ৰ চৰকাৰে গুৰুতেব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে আজি ওদালগুৰিত  আশাকৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷

জিলা খনৰ শ শ আশাকৰ্মীয়ে চৰকাৰ বিৰুদ্ধে ক্ষোভ পৰ্কাশ কৰে ৷ হিমন্ত বিশ্ব হায় হায়, হিমন্ত বিশ্ব মুৰ্দাবাদ শ্ল’গানেৰে সমদল উলিয়াই উত্তাল কৰে ওদালগুৰি চহৰ৷ ২০১৩ চনৰ পৰাই মাহিলী এহেজাৰ টকাকৈ মাননী প্ৰদান কৰিম বুলি ৰাজ্য চৰকাৰখনে ঘোষণা কৰিছিল যদিও বিগত পাঁচটা বছৰে এটকাও মাননী চৰকাৰে প্ৰদান নকৰাত ক্ষোভত ফাটি পৰে কৰ্মীসকল।

উল্লেখ্য যে বিগত ১আগষ্টৰ পৰা প্ৰতিবা-কৰ্মবিৰতি পালন কৰি অহা আশাকৰ্মীসকলৰ দাবী পুৰণ নহ'লে অনাগত দিনত অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ হুংকাৰ প্ৰদান কৰে।