newsnextone.com | তামুলপুৰঃ জনতাৰ নেতা আছিল তেওঁ৷ কিন্তু তেওঁ ভোটা বিচৰা নেতা নাছিল৷ তেওঁ তামুলপুৰৰ বাবে আছিল এগৰাকী মহীৰূহ৷ তামুলপুৰৰ সমাজখনৰ বাবে তেওঁ আছিল এগৰাকী শিক্ষাবিদ, তেওঁ আছিল তামুলপুৰৰ বাবে আদৰ্শ৷ বিটিএডিৰ তামুলপুৰৰ বাবে তেওঁ আছিল সমন্বয়ৰ সাঁকো৷ বিভিন্ন জাতি ধৰ্মৰ লোকক একত্ৰিত কৰি তামুলপুৰৰ উন্নয়ন, শান্তি, শিক্ষাৰ দিশ টনকীয়াল কৰাৰ বাবে অহৰহ জাগি আছিল তেওঁ৷ আজীৱন জনসাধৰণৰ বাবে কাম কৰি তেওঁ অৱশেষত সকলোৱে কন্দুৱাই অচিনা দেশলৈ গুচি গ’ল৷

আধুনিক তামুলপুৰৰ উত্থান-পতনৰ সাক্ষী. শুভ্ৰ ধুতি-কুৰ্তা পৰিহিত আটিল চেহেৰাৰ মানুহজনে সদায় খোজ কাঢ়িয়েই সমাজৰ ইটোৰ পিছত সিটো কামত আগভাগ লৈছিল৷ বাক্সা জিলাৰ তামুলপুৰৰ কলবাৰীৰ নিবাসী সমাজ কৰ্মী আছিনা বসুমতাৰীয়ে দেওবাৰে মৃত্যুক আকোৱালি লয়। সমাজখনেকে নিজৰ ঘৰ বুলি ভাবি দিনে নিশাই কেৱল সমাজৰ কাম কৰা যোৱা আছিনা বসুমতাৰীয়ে উশাহ-নিশাহ লোৱাত কষ্ট অনুভৱ কৰাৰ পিছতে মৃত্যুক আকোৱালি লয়৷

বাক্সা জিলাৰ তামুলপুৰ অঞ্চলৰ অগ্ৰণী সমাজকৰ্মী, শিক্ষানুৰাগী, সাংস্কৃতিক কৰ্মী আছিনা বসুমতাৰীৰ দেওবাৰে তামুলপুৰৰ কলবাৰীৰ নিজা বাসভৱনত ৮৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়৷ জানিব পৰা মতে, আছিনা বসুমতাৰীয়ে দীৰ্ঘ দিন ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছিল৷ তেওঁৰ মৃত্যুৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলায়৷ আছিনা বসুমতাৰীৰ মৃত্যুৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ পিছতে তামুলপুৰৰ অগণন গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰে। 

১৯৩১ চনত কোকৰাঝাৰ জিলাৰ তিতাগুৰিত জন্ম গ্ৰহণ কৰি জীৱনৰ কেইটামান বসন্ত কোকৰাঝাৰত পাৰ কৰি তামুলপুৰৰ কলবাৰী গাঁৱলৈ আহি থাকিবলৈ লৈছিল৷ প্ৰাথমিক শিক্ষা সমাপ্ত কৰি তেও কৃষি কৰ্মত মনোনিবেশ কৰে। সেই সময়ৰ তামুলপুৰৰ অগ্ৰণী ব্যক্তিসকলৰ সংগ লাভ কৰি তেওঁ সমাজসেৱাত জড়িত হৈ পৰিছিল৷

তেঁও শিক্ষাৰ দিশত অনগ্ৰসৰ তামুলপুৰৰ কলবাৰী, বৰবেলবাৰী, বতিয়ামাৰী, গান্ধীবাৰী আদি ঠাইত শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাত আগভাগ লৈ শিক্ষাৰ দিশত বাটকটীয়া হিচাপে পৰিচিত হৈ পৰে। তদুপৰি সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ অৰ্থে তেও তিতাগুৰি যাত্রাপাৰ্টি নামৰ এটি নাট্যদলৰ গুৰিধৰোতা আছিল। 

এই গৰাকী ব্যক্তিয়ে নিজৰ অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী হোৱাৰ বাবেই তামুলপুৰ গাঁও পঞ্চায়ত, তামুলপুৰ উন্নয়ন সমিতি, তামুলপুৰ ট্ৰাইবেল সংঘৰ সভাপতিৰ লগতে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, তামুলপুৰ বাণিজ্য মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পদ অলংকৃত কৰিছিল।

ভৈয়াম জনজাতি পৰিষদ, সংহত জনজাতি উন্নয়ন প্ৰকল্প আদিৰ সদস্য পদত অধিষ্ঠিত হোৱাৰ লগতে তামুলপুৰৰ বিভিন্ন সামাজিক, সাংস্কৃতিক, ধৰ্মীয় অনুষ্ঠানৰ সৈতেও জড়িত হৈ সমন্বয়ৰ সেঁতু গঢ়িছিল। তামুলপুৰৰ সমাজ জীৱনৰ সৈতে জড়িত থাকি আছিনা বসুমতাৰী তামুলপুৰৰ পিতামহ স্বৰূপ হৈ পৰিছিল। দেওবাৰে পুৱা আছিনা বসুমতাৰীৰ মৃত্যুৰ খবৰ পোৱা মাত্ৰে তামুলপুৰৰ অগণন গুণমুগ্ধই তেওঁৰ বাস গৃহত ভিৰ কৰে।

তামুলপুৰ জিলা বিপিএফ, তামুলপুৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা, তামুলপুৰ সাহিত্য সভা, তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, তামুলপুৰ আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থা, তামুলপুৰ ঘগ্ৰাচক বণিক সন্থা, মটঙা চক বণিক সন্থা, তামুলপুৰ মহাবিদ্যালয়, তামুলপুৰ বাণিজ্য মহাবিদ্যালয়, তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তামুলপুৰৰ বাথৌ মন্দিৰ পৰিচালনা সমিতি, তামুলপুৰ আকাশী লিটাৰেচেল চোচাইটিয়ে আৰু তামুলপুৰ প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত তেওঁ চাৰিজন পুত্ৰ, দুগৰাকী কন্যা, নাতি-নাতিনী ইহসংসাৰত এৰি থৈ যায়।