newsnextone.com | ডিজিটেল ডেস্কঃ এছিয়ান গেমছত শনিবাৰে ট্ৰেকত নামিব স্বৰ্ণ কন্যা হিমা দাস।৫০বছৰৰ বিৰতিৰ মূৰত এছিয়ান গেমছৰ ট্ৰেকত ভৰি দিয়া হিমা দাস হ’ব দ্বিতীয় গৰাকী অসম সন্তান।পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি হিমাই শনিবাৰে পুৱাই ট্ৰেকত নমাৰ কথা আছিল।কিন্তু সময়সূচী সলনি হোৱাত সন্ধিয়া ৭.০৫ বজাত ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব হিমা দাস।

পোনপটীয়াভাৱে ৪০০ মিটাৰ দৌৰত ছেমি ফাইনেলত নামিব হিমা। দেওবাৰে বিয়লি ৫.৩০ বজাত হিমাই দৌৰিব সোণৰ পদকৰ বাবে।মঙলবাৰে ৭.১৫ বজাত প্ৰাথমিক ৰাউণ্ডৰ হিটছত আৰু বুধবাৰে ৪.২০বজাত ছেমি ফাইনেলত ২০০ মিটাৰ দৌৰত দৌৰিব হিমাই।পূৰ্বৰ সফলতাৰ ওপৰত ভিত্তি কৰি ৪০০ মিটাৰ দৌৰত হিমাই সোণৰ পদক আজুৰিবলৈ সক্ষম হব বুলি আশাবাদী হৈ অপেক্ষা কৰিছে অসমবাসী ৰাইজে।

সমগ্ৰ অসমবাসী ৰাইজৰ লগতে ধিঙৰ ৰাইজেও উৰন্ত কন্যাৰ সফলতাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে।ইতিমধ্যে হিমাক সমৰ্থন জনাবলৈ জুবিন গাৰ্গো গৈ জাকাৰ্টাত উপস্থিত হৈছে।