newsnextone.com | তেজপুৰঃ অসমীয়া ভাষাৰ উন্নতি আৰু বিশ্বমুখী কৰাৰ স্বাৰ্থত গঠন হোৱা অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা হৈছিল ২৫ আগষ্টতে। তাৰ পিছৰে পৰা সমগ্ৰ ৰাজ্যজুৰি ২৫ আগষ্টত অসম সাহিত্য সভাৰ সংকল্প দিৱস হিচাপে পালন কৰি অহা পৰিলক্ষিত হৈছে। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাইও শনিবাৰে শতাব্দী ভৱনত অসম সাহিত্য সভাৰ সংকল্প দিৱস পালন কৰে।

তদুপলক্ষে পুৱা ৮.৪৫ বজাত পতাকা উত্তোলন কৰে উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি কামেশ্বৰ দাসে। 
৯ বজাত স্মৃতি তৰ্পন মুকলি কৰে জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক অপূৰ্ব বৰাই। সংকল্প দিৱসৰ ওপৰত বক্তব্য ৰাখে অসম সাহিত্য সভাৰ আজীৱন সভ্য অৰুন বৰা আৰু কুশল শইকীয়াই। 

সংকল্প দিৱসৰ সংকল্প বাক্য পাঠ কৰাই শোণিতপুৰ জিলা সাহিত সভাৰ সহকাৰী সম্পাদক অপূৰ্ব বৰাই। সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কৰি কাৰ্য্যসূচী সামৰণি পেলোৱা হব। অনুষ্ঠানত সভাৰ সকলো সদস্য, বিষয়ববীয়া উপস্থিত থাকে।