newsnextone.com | তামুলপুৰঃ অসম সন্মিলিত মহাসংঘৰ উদ্যোগত তামুলপুৰত দেংখৌ ফৈচাদী প্ৰেক্ষাগৃহত মহাৰাজ পৃথু সোৱৰণি মঞ্চত বৃহস্পতিবাৰে বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰা হয়। অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ সভাপতিত্বত খিলঞ্জীয়া সজাগতা সভা অনুষ্ঠিত হয়। 

অসম সন্মিলিত মহাসংঘৰ উদ্যাগত, সদৌ বৰ্মন কছাৰী ছাত্র সন্থা, গৰিয়া মৰিয়া দেশী জনগোষ্ঠী পৰিষদৰ সহযোগত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে অসমৰ খিলঞ্জীয়াসকলক চৰকাৰে  প্ৰৱঞ্চনা কৰি অহা বুলি অভিযোগ উত্থাপন কৰে। সকলো খিলঞ্জীয়া জনগোষ্ঠীক ঐক্যবদ্ধ হৈ অধিকাৰ সাব্যস্ত কৰিব লাগিব। খিলঞ্জীয়া হ'ল সেইসকল স্থায়ী বাসিন্দা, যিসকলে ইয়াতে জন্ম লাভ কৰি উপনিৱেশিক আগ্ৰাসনৰ বিপক্ষে যুঁজ কৰি নিজ মাতৃ ভূমিৰ উন্নতি বা বিকাশৰ বাবে সদায় চেষ্টা কৰি অহা বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক সকল বুলি কয়  গোবিন্দ বসুমতাৰীয়ে। 

 গোবিন্দ বসুমতাৰীয়ে আৰু কয় যে সকলো খিলঞ্জীয়া লোককে নিজ নিজ জনগোষ্ঠীৰ চিন্তা-চৰ্চা কৰাৰ উপৰি খিলঞ্জীয়াসকলৰ উন্নয়নৰ বাবে উমৈহতীয়া ভাৱে চিন্তা-চৰ্চা কৰিব লাগিব। ৰাষ্ট্ৰ সংঘৰ নীতিৰ আধাৰতহে অসমৰ খিলঞ্জীয়া নিৰূপন হ'ব লাগিব বুলিও বসুমতাৰীয়ে মন্তব্য প্ৰকাশ কৰে । সভাৰ আত ধৰে আয়োজক সমিতৰ সভাপতি যোগেন বসুমতাৰীয়ে। আদৰণি ভাষণ প্ৰদান কৰে গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সাধাৰণ সম্পাদক ফজনুল কৰিম হাজৰিকাই আৰু উদ্দেশ্যে বাখ্যা কৰে মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই। 

সভাত বড়ো সাহিত্য সভাৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি হৰেণ বড়ো, কাউৰবাহা ফখৰুদ্দিন মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাহজাহান চিদ্দিকী, সদৌ বৰ্মণ কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক সঞ্জীৱ বৰ্মণ, প্ৰাক্তন এবছু নেতা চিনাকান্ত বসুমতাৰী, সদৌ অসম ট্ৰাইবেল সংঘৰ তামুলপুৰ  জিলা সমিতিৰ সভাপতি ৰণ্ডিচৰণ বড়ো, তিৱা জাতীয় ঐক্য মঞ্চৰ সভাপতি অনিল ফামজং, বাৰাজা বাথৌ আশ্ৰমৰ সঞ্চালক কান্তেশ্বৰ বৰগয়াৰী, শিক্ষক বদন স্বৰৰ্গীয়াৰী আদিয়ে খিলঞ্জীয়াৰ অধিকাৰ আৰু অৱস্থা সম্পৰ্কে আলোকপাত কৰে।

অসমৰ প্ৰাচীন ৰজা মহাৰজা, বীৰ বীৰংগনা আৰু জাতীয় পুৰোধা সকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰতীক টোপধ্বনিৰে শুভৰাম্ভ কৰে গৰিয়া-মৰিয়া-দেশী জনগোষ্ঠীয় পৰিষদৰ সভাপতি তথা বুৰঞ্জীবিদ ৰফিউল হুছেইন বৰুৱাই। মহাসংঘই তামুলপুৰত পালন কৰা বিশ্ব খিলঞ্জীয়া দিৱসৰ পৰা ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধানলৈ  প্ৰেৰণ কৰা পত্ৰখন কাইলৈ ৰাজহুৱা কৰিব।