newsnextone | newsnextone.com ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আক্ৰাছুয়ে ৩৬ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে।পুৱা ৫ বজাৰ পৰা ঘোষণা কৰা হৈছে এই অসম বন্ধ।সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে ৰাভা হাছঙত৷ৰাভা হাছঙৰ দুধনৈৰ লগতে ৰংজুলি, দৰংগিৰি, ধনুভাঙা আদি অঞ্চলতো বন্ধৰ প্ৰভাৱ পৰিছে।
দুধনৈৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে বন্ধ সমৰ্থকসকলে।পুৱাৰ পৰা যান-বাহনৰ চলাচলো বন্ধ হৈ আছে।ফলত অচল হৈ পৰিছে স্বাভাৱিক জীৱন-যাপন। সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰসমূহ বন্ধ হৈ আছেl