newsnextone.com | বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ ৩৬ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ।উল্লেখ্য যে,পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জ,আগমনি,বহলপুৰ,কাজিগাওঁ,বগৰীবাৰী,মহামায়াৰ,বিলাসীপাৰাৰ লগতে চাপৰত বন্ধৰ প্ৰভাৱ পৰা দেখা গৈছে।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৰ কৰ্মী সকলে। কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত বুধবাৰৰ পুৱা ৫ বজাৰপৰা ৩৬ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত ধুবুৰীৰ চাপৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে বন্ধৰ সমৰ্থক সকলে।