newsnextone.com।খাৰুপেটীয়াঃ দীৰ্ঘদিনীয়া যাতায়ত সমস্যা দূৰ কৰাৰ উদ্দেশ্যে দৰঙৰ দলগাঁৱত তিনিবছৰ পূৰ্বে কাম আৰম্ভ কৰিও পকীদলং এখন আজিলৈকে সম্পূৰ্ণ হৈ নুঠাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে অঞ্চলটোৰ ৰাইজৰ।

দলগাঁৱৰ শিয়ালমাৰী গাঁৱত প্ৰায় পাঁচ কোটি টকাৰ এই পকী দলংখনৰ নিৰ্মানৰ কাম এবছৰ পূৰ্বেই শেষ কৰিব লাগিছিল যদিও ঠিকাদাৰ গৰাকীৰ হেমাহিৰ ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।

দলগাঁও আৰু শিয়ালমাৰী বজাৰ সংযোগী পকী দলংখন সম্পূৰ্ণ হৈ নুঠাত ৰাইজে বিপদজনক ভাবে বাঁহৰ সাকোঁৰে যাতায়ত কৰিবলগীয়া হৈছে সমগ্ৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে। অঞ্চলটোৰ অসুখীয়া লোকক এম্বুলেঞ্চৰ সহায়ত চিকিৎসালয়লৈ নিবলৈ হলে ৪-৫ কিলোমিটাৰ পথ আগুৱাই ঘুৰি আহিব লাগে।

ঠিকাদাৰ জনে দলংখন নিৰ্মাণত হেমাহি আৰু দুৰ্নীতি কৰাক লৈ একাংশ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি শীঘ্ৰে দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।