newsnextone.com | আমগুৰিঃ সীমান্তত নগাৰ দাদাগিৰী আজিও কমা নাই। দীৰ্ঘ দিনৰ পৰা সীমান্তৰ অসমীয়াক বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে। কিন্তু এইবাৰ সকলো সীমা অতিক্ৰম কৰি অসমৰ মাটিতে নিৰ্মাণ কৰা এটা সীমান্ত পহৰা চকীৰ নিৰ্মাণৰ কাম নগাই বন্ধ কৰি দিয়ে।

যাৰ বাবে অসম নগালেণ্ড সীমান্তৰ "এফ" চেক্টৰত উত্তেজনাই বিৰাজ কৰিছে। শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ আমগুৰি চাহ বাগিচাৰ সমীপত অসমৰ ভূমিত অসম বেটেলিয়নৰ বিঅ'পি স্থাপনত নগাই বিৰোধ কৰে।

সীমান্তবাসীৰ ধাৰাবাহিক দাবীৰ পৰিপ্ৰেক্ষিতত সঘনাই উদ্ভৱ হোৱা সীমাকেন্দ্ৰিক সমস্যাৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে আমগুৰি চাহ বাগিচা  আৰু নগা গেটৰ সমীপতে এটা সীমান্ত পহৰা চকী স্থাপনৰ বাবে অনুমোদন জনাইছিল। সেইমৰ্মে যোৱা জুন মাহত সীমান্ত পহৰা চকী নিৰ্মাণৰ বাবে শিৱসাগৰ জিলা গড়কাপ্তানী সংমণ্ডলে নিবিদা যোগে আৰ বি নামৰ এটা প্ৰতিষ্ঠানক ঠিকা প্ৰদান কৰে। ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণৰ কাম লাভ কৰি সোমবাৰে হাবি চাফা কৰাৰ বাবে কেইজনমান বনুৱা নিয়োগ কৰে। 

৬১নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু সীমান্তৰ নগা গেটৰ সমীপতে পাহাৰৰ এটা টিলাৰ হাবি চাফা কৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় একাংশ নগা লোকে উক্ত টিলাটো নগালেণ্ডৰ বুলি দাবী কৰি কৰ্মৰত বনুৱা আৰু ঠিকাদাৰক তৎকালেই কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়ে। এই খবৰে এলেকাটোত উত্তেজনাই বিৰাজ কৰে আৰু লগে লগে হালোৱাটিং আৰক্ষী আৰু তুলি আৰক্ষীৰ দল উপস্থিত হয়।

আৰক্ষীৰ হস্তক্ষেপত মোককচাং জিলাৰ এজন অতিৰিক্ত উপায়ুক্ত আৰু আমগুৰি চক্ৰ বিষয়াৰ মাজত উক্ত স্থানতে এক অনানুষ্ঠানিক আলোচনা সম্পন্ন হয় যদিও উভয় পক্ষই কোনোধৰণৰ মীমাংসাত উপনীত হ'ব নোৱাৰি উচ্চ পদস্থ বিষয়াৰ আলোচনাৰ জৰিয়তে সিদ্ধান্ত লোৱা হ'ব বুলি জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত জানিব পাৰি স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। কিন্তু মোককচাং জিলা প্ৰশাসনৰ বিষয়াই বিধায়কজনৰ লগত আলোচনা কৰিবলৈ অস্বীকাৰ কৰে। বিধায়কজনে স্থানীয় বাসিন্দাসকলক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদানৰ লগতে  বিঅ'পিটোৰ কাম জাৰী ৰখাৰ বাবে প্ৰয়োজনীয় সুৰক্ষা প্ৰদানৰ বাবে স্থানীয় হালোৱাটিং আৰক্ষীক নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে, সীমান্তৰ এই অঞ্চলটোত নগাৰ আগ্ৰাসন এটা বহু পুৰণি সমস্যা। সম্প্ৰতি এই ঘটনাৰ পৰিপ্ৰেক্ষিতত পুনৰ এক উত্তেজনাই বিৰাজ কৰিছে সীমান্তৰ অঞ্চলটোত।