newsnextone.com।পশ্চিম নলবাৰীঃ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্রী বয়ন জ্যোতি আচঁনিৰ অধীনত আবণ্টিত বৃহৎ পৰিমাণৰ সূতা-কম্বল সময়মতে দুখীয়া হিতাধিকাৰীৰ মাজত বিতৰণ নকৰাৰ ফলত বিভাগৰ গুদামতে উৱলি যোৱাৰ উপক্ৰম হৈছে।

জানিব পৰা মতে ২০১৫-১৬ বিত্তীয় বৰ্ষৰ মুখ্যমন্ত্রীৰ বয়ন জ্যোতি আঁচনিৰ অধীনত নলবাৰী সমষ্টিৰ বাবে আবণ্টিত ১২,১৬৭খন কম্বল আৰু ৫,৯১৬ধোপ সূতা বিতৰণ নকৰাকৈয়ে আছে। সমষ্টিটোৰ নামত আবণ্টিত সূতা-কম্বল হস্ত তাঁত বস্ত্র আৰু বস্ত্র শিল্প বিভাগৰ নলবাৰী সহকাৰী সঞ্চালকৰ কাৰ্যালয়ৰ গুদামতে পৰিত্যক্ত আবস্হাতে পৰি আছে।

বিভাগৰ এক সুত্রৰ পৰা জানিব পৰা মতে জিলা খনৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী আৰু বৰক্ষেত্রী সমষ্টীৰ বিধায়ক নাৰায়ণ ডেকাই সমষ্টিৰ হিতাধিকাৰীৰ তালিকাত অনুমোদন দি জিলা পৰ্যায়ৰ কমিটিখনলৈ প্ৰেৰণ কৰে। পিছত জিলা পৰ্যায়ৰ কমিটিখনে চুড়ান্ত কৰে যদিও আজিলৈ কিয় বিতৰণ নহোৱাকৈ উৱলি যাবলৈ দিলে তাক লৈ এতিয়া ৰাইজৰ মাজত প্ৰশ্ন উঠিছে।