আলোক কুমাৰ হ’ব ৰাজ্যৰ নতুন মুখ্য সচিব৷

৩১ আগষ্টত অৱসৰ ল’ব টি ৱাই দাসে৷

newsnextone.com। গুৱাহাটীঃ 

অসমত নতুনকৈ সচিবালয়ৰ প্ৰধান পদত নিযুক্তি হ’বলৈ গৈ আছে এজন নতুন সচিব প্ৰধান৷ অহা ১ চেপ্তেম্বৰত অসমৰ নতুন সচিব প্রধান আলোক কুমাৰে এই পদত অধিস্থিত হ’ব৷

বৰ্তমানে অসমৰ সচিব প্ৰধান জন হৈছে টিৱাই দাস৷ ৩১ আগষ্টৰ দিনটোত দাসে নিজ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷

১৯৮৪ চনৰ দলৰ আইএচ বিষয়য়াৰ পদত অসম তথা মেঘালয়ৰ পদত নিযুক্তিত আছিল৷ ২০১৪ চনৰ চেন্ট্ৰেল ভিগিলেন্স কমিচনৰ অন্তৰ্গত দুৰ্নীতি বিৰোধীতা কৰা আলোক কুমাৰে গৃহ তথা ৰাজনৈতিক বিভাগ, গড়কাপ্তানি তথা ইএণ্ড এফ বিভাগৰ লগত জড়িত আছিল৷

 
২০১৮ চনৰ ১ মাৰ্চৰ টিউৱাই দাসে অতিৰিক্তি সচিব প্ৰধান হিচাপে এই পদ চম্ভালিছিল৷ ২০১২ চনত দাসে চেন্ট্ৰেল ইনফৰমেচন কমিচনৰ পদত নিযুক্ত হয়৷ এই পদৰ পাছতেহে তেখেতে অতিৰিক্ত সচিব প্ৰধান পদত দায়িত্ব গ্ৰহণ কৰে৷ উল্লেখযোগ্য যে দাসে অসম বৰ্ডৰ ৰেভিনিউৰ অন্তৰ্গত অসম প্ৰশাসন ট্ৰিবিউনেলৰ চেয়ামেনৰ পদটো কাম কৰিছিল৷