newsnextone.com | নগাঁওঃ সুন্দৰ পেইণ্টিং কৰি এগৰাকী ছাত্ৰই ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ সুৱাগমণি শইকীয়াৰ কেইবাখনো বিশেষ পেইণ্টিং সাহিত্য অকাডেমীৰ সাহিত্য আলোচনী ইণ্ডিয়ান লিটেৰেচাৰত ক’ভাৰ ফটো হিচাপে ৱ্যৱহাৰ কৰাৰ বাবে নিৰ্বাচিত হয়৷ ইতিমধ্যে ছপা হোৱা সাহিত্য অকাডেমীৰ সাহিত্য আলোচনী ইণ্ডিয়ান লিটেৰেচাৰত কভাৰ ফটো হিচাপে প্ৰকাশ পাইছে নগাঁৱৰ ছাত্ৰজনৰ পেইণ্টিং৷ যিটো খবৰে নগাঁও তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। 

উল্লেখ্য যে, নৱৰূপ জাতীয় বিদ্যাপীঠৰ ছাত্ৰ সুৱাগমণি শইকীয়াই সপ্তম-নৱম মানতে অঁকা দুখন পেইন্টিং ভাৰতৰ আগশাৰীৰ সাহিত্য আলোচনী ইণ্ডিয়ান লিটেৰেচাৰত ক’ভাৰ হিচাপে ব্যৱহাৰ হৈছে৷ ইমান কম বয়সতে এনে আগশাৰীৰ আলোচনীত ক’ভাৰ হিচাপে নিৰ্বাচন হোৱাত ৰাজ্য খনৰ বাবে নিশ্চয় গৌৰৱৰ বিষয়৷

সুৱাগমণিয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱৰূপ জাতীয় বিদ্যাপীঠৰ পৰা সুখ্যাতিৰ উত্তীৰ্ণ হৈ নগাঁৰ কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ত বিজ্ঞান শাখাত নামভৰ্তি কৰিছে৷ সুৱাগমণি শইকীয়াই ভাল গীত পৰিৱেশন কৰে, তবলা সংগত কৰে আৰু গ্ৰন্থ অধ্যয়ন কৰি ভাল পায়। 

আজৰি সময়ত ৰংতুলিকাৰে সুন্দৰ ছবি অংকন কৰে ছাত্ৰগৰাকীয়ে। তেওঁ নগাঁৱৰ ডিমৰুগুৰি নিবাসী তথা পুৰণিগুদামৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ কমল চন্দ্ৰ শইকীয়া আৰু দিয়া শইকীয়াৰ একমাত্ৰ পুত্ৰ৷