newsnextone.com | তেজপুৰঃ সমগ্ৰ বিশ্বক চেৰ পেলাই অসমৰ শোনিতপুৰ জিলাৰ নাহৰবাৰীৰ এটি আত্মসহায়ক গোটৰ  চাহ কাৰখানাই হংকঙত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় চাহ প্ৰদৰ্শন আৰু প্ৰতিযোগিতাত বিশ্বৰ ভিতৰতে অন্যতম  শ্ৰেষ্ঠ তিনিটা খিতাপ আজুৰি আনিবলৈ সক্ষম হয়।

উল্লেখ্য যে, শোণিতপুৰ জিলাৰ নাহৰবাৰী টি ফেক্টৰীত উৎপাদিত চাহে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অসমীয়া চাহপাতৰ সফল ব্যৱসায় কৰি আহিছে। 

শেহতীয়াকৈ হংকঙত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত শোণিতপুৰৰ চাহে খিতাপ অৰ্জন কৰাৰ পিছত অসমত চাহ খেতিৰ সম্ভাৱনা অধিক বৃদ্ধি পোৱাৰ লগতে এই খিতাপত শোণিতপুৰ জিলাবাসী উত্ফুল্লিত হৈ পৰিছে।