Printer-friendly version


আন্তঃৰাজ্যিক সীমাবিবাদৰ দুৰ্বিসহ পৰিণতি


আৰক্ষী অধীক্ষক বৰ্তমান আই চি ইউ ত 

ডিজিটেল ডেস্ক : অশান্ত অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ অঞ্চলৰ গুলীয়া-গুলীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে।অসমৰ ভূমিৰ পৰা দুষ্কৃতিকাৰীক খেদি পঠাবলৈ যোৱা আৰক্ষীৰ দলৰ ওপৰত মিজোৰাম আৰক্ষী আৰুৰ মিজো দুষ্কৃতিকাৰীৰ দলে নিৰ্বিচাৰে কৰা গুলীচালনাৰ ফলত ৬ জনকৈ আৰক্ষীৰ জোৱান আৰু বিষয়া নিহত হোৱাৰ লগতে আন প্ৰায় ৭০ জন আৰক্ষী আৰু গুৰুতৰ ভাৱে আহত হয়।উক্ত ঘটনাত আহত হয় কাচাৰ জিলাৰ উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক।জিলা আৰক্ষী অধীক্ষক বৰ্তমান আই চি ইউ ত চিকিৎসাধীন বুলি জানিব পৰা গৈছে।প্ৰায় ৫০ জন জোৱানক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।সীমা বিবাদে বাৰে বাৰে অসম আৰক্ষীক সমস্যাত পেলাই থকাৰ মাজতে এই ঘটনাই সীমান্তৰ পৰিবেশ অধিক অবনতি কৰিছে৷প্ৰায় আধাঘণ্টা সময় গুলীচালনা কৰে মিজো আৰক্ষীয়ে।আদেশ নোপোৱাৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰিব নোৱাৰিলে।কন্দুৱা গেছেৰেই পৰিস্থিতি মোকাবিলা কৰিব লগা হোৱা বাবেই অসম আৰক্ষীৰ যথেষ্ট লোক হতাহত হব লগা হয়।ঘটনা সম্পৰ্কত মূখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰী পিযুষ হাজৰিকাই ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওঁনা হৈছে।

পূৰ্বৰে পৰা চলি থকা এই সীমা বিবাদে ভয়াৱহ ৰূপ লয় যেতিয়া মিজোৰামৰ কিছু লোকে মিজোৰামৰ সীমা পাৰ হৈ কাচাৰ জিলাত প্ৰৱেশ কৰিছিল৷এই লোকসকলক খেদি পঠিয়াবলৈ অসম আৰক্ষীৰ এটি দল সীমান্ত অঞ্চলত উপস্থিত হৈছিল উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নেতৃত্বত৷হঠাৎ মিজোৰামৰ পৰা অহা এটি প্ৰায় ১০০ জনীয়া দুষ্কৃতিকাৰীৰ দলে হাতে হাতে লাঠি,জোং লৈ উপস্থিত হয় আৰু আক্ৰমণ চলায়৷লণ্ড-ভণ্ড কৰে অসম আৰক্ষীৰ বাহন৷উপায়ুক্তৰ গাড়ীলৈ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে৷এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা কৰে উপায়ুক্তই৷৷মিজো দুষ্কৃতিকাৰীৰ গুলীচালনাত অসম আৰক্ষীৰ ৬ জন জোৱান ছহিদ হোৱাৰ লগতে প্ৰায় ৭০ গৰাকী জোৱান আৰু কিছু সংখ্যক স্থানীয় লোক আহত হয়।

ঘটনাৰ প্ৰসংগত অসমৰ মূখ্যমন্ত্ৰীয় ড° হিমন্ত বিশ্ব শৰ্মাই মিজোৰামৰ মূখ্যমন্ত্ৰী জোৰামঠাংগা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক টুইট কৰি এই ঘটনাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে৷ড° শৰ্মাই মিজোৰামৰ মূখ্যমন্ত্ৰীৰ লগত টেলিফোনযোগে কথা পতা বুলিওঁ প্ৰকাশ কৰে৷অহাকালি ৰাতিপুৱা মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লাইলাপুৰলৈ যোৱাৰ সম্ভাৱনা আছে বুলি এক সুত্ৰত প্ৰকশ।

আনহাতে অসম আৰক্ষীয়েওঁ প্ৰতু্ত্তৰ দিবলৈ সাজু হৈছে৷নেদাৰ আহ্বায়কৰ দয়িত্বত থকা অসমৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিধৰণে এই ঘটনাক নিয়ন্ত্ৰণ কৰে সেয়া হব লক্ষণীয়।চুবুৰীয়া ৰাজ্যবোৰৰ লগত থকা সীমাবিবাদৰ চৰম ফল অসমেই বাৰে বাৰে কাৰ বাবে ভুগিব লগা হয়?কিয় কোনো চৰকাৰে সীমা বিবাদৰ স্থায়ী সমাধান নকৰিলে?কাৰ ভুলৰ বাবে ৬ জনকৈ জোৱানে প্ৰাণ দিব লগা ঘটনা সংঘটিত হ’ল?