newsnextone.com | টীয়কঃ ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ হস্পিতাল তিনি আলিত অৱস্থিত ATMটোত সংঘটিত এক ATM কাৰ্ড চুৰিৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা ১৩ ছেপ্টেম্বৰৰ বিয়লি ভাগত হোৱা ঘটনাটোত দুগৰাকী ব্যক্তিৰ লক্ষাধিক টকা চোৰে ATMৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। 

জানিব পৰা মতে, কুন্তী হাজৰিকা নামৰ এগৰাকী মহিলাই উক্ত ATMটোত টকা উলিয়াবলৈ গৈ উলিয়াব পৰা নাছিল। তাৰ পিছত তেওঁক সহায় কৰিবলৈ তাত আগৰ পৰাই উপস্থিত এজন ব্যক্তি আগবাঢ়ি আহি টকা উলিয়াই দিয়ে আৰু কৌশলেৰে ATMকাৰ্ড খন সলাই এখন বিকল ATM কাৰ্ড অশিক্ষিত মহিলাগৰাকীক দি থৈ যায়৷ সম্প্ৰতি এক লাখ ষাঠি হাজাৰ টকা চুৰ কৰি লৈ যাবলৈ সক্ষম হয় প্ৰৱঞ্চকে।

একে দিনাই উক্ত ATMটোতে অনুৰূপ ধৰণেৰে আন এগৰাকী মহিলাও প্ৰৱঞ্চকৰ চিকাৰ হয়। গগৈ উপাধিৰ মহিলা গৰাকীৰ একাউণ্টৰ পৰাও চোৰে দুই লাখ টকা লৈ উধাও হয়। ইফালে, এই লুণ্ঠনৰ ঘটনা দুটা শনিবাৰে পোহৰলৈ অহাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ সম্প্ৰতি টীয়কৰ আৰক্ষীযে পৃথক পৃথক দুটা গোচৰ ওপৰত ভিত্তিত তদন্ত আৰম্ভ কৰিছে।