Free Press Journal
Free Press Journal

কোকৰাঝাৰঃ কোকৰাঝাৰবাসী সাৱধান৷ আপোনাৰ বেংকৰ জমা ধনে আনে ৰাজভোগ কৰিব পাৰে৷ কিয়ণো কোৰঝাৰত নতৌ সংঘটিত হ’ব ধৰিছে বেংকৰ ধন লুট৷ এটিএমৰ পৰা টকা লুট কৰিবলৈ নিত্য নতুন কৌশল অৱলম্বন কৰিছে চাইবাৰ অপৰাধীয়ে।

বহস্পতিবাৰে কোকৰাঝাৰৰ চহৰৰ আসাম অইলৰ সমীপৰ এচবিআইৰ এটিএমত ইয়াছিন আলী মণ্ডল নামৰ এগৰাকী গ্ৰাহকে টকা উলিয়াবলৈ গৈছিল৷ অচিনাক্ত লোকএগৰাকীয়ে তেওঁৰ এটিএম কাৰ্ডখন কৌশলেৰে হস্তগত কৰে৷ ক্ষন্তেক পিছতে দুৰ্ষ্কৃতিকাৰীয়ে ইয়াছিন আলি মণ্ডলৰ একাউণ্টৰ পৰা ৫২৫০০.০০ টকা লুট কৰি নিয়ে।

কোকৰাঝাৰ জিলাৰ সাপটগ্ৰাম এচবিআইৰ গ্ৰাহক ইয়াছিন আলী মণ্ডলে আজি ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। উল্লেখ্যে যে দুৰ্ষ্কৃতিকাৰী তেওঁৰ এটিএম কাৰ্ডখন সলনি কৰাৰ সময়ত মুচিৰ আহমেদৰ নামত থকা আন এখন কাৰ্ড দি থৈ যায়। কোকৰাঝাৰত প্ৰায়ে এনেধৰণৰ ঘটনা সংঘটিত হৈ অহাত দুৰ্ষ্কৃতিকাৰীৰ দলটো কোকৰাঝাৰতে বাহৰ পাতি থকাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ সচেতন লোকে।