newsnextone.com | দক্ষিণ শালমাৰাঃ মানকাছাৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত হাটশিঙিমাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৰবিবাৰৰ পুৱা ১০ বজাত অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। আৰক্ষীৰ অসদাচাৰণৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে অনুষ্ঠিত সভাত অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ সভাপতি বি পি কটকী, সম্পাদক এইচ কে দেব মহন্ত, সদস্যা ড০ শ্বাহনাজ ৰহমান, ভাৰপ্ৰাপ্ত ডিআইজি নিতুল গগৈ, ২৬ আইআৰ আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেন্ট সত্যৰাজ হাজৰিকা, জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ লগতে ভালেমান উচ্চ পদস্থ চৰকাৰী বিষয়া আৰু স্থানীয় সচেতন ৰাইজ সভাখনত উপস্থিত থাকে। 

অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ সম্পাদক এইচ কে দেব মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ সভাপতি বি পি কটকীয়ে আৰক্ষী আৰু আদালতৰ ওচৰত সাধাৰণ ৰাইজে আইনী সাহাৰ্য্যৰ বাবে গৈ সন্মুখীন হোৱা নানান হাৰাশাস্তিৰ বিষয়ে বিস্তাৰিত ব্যাখ্যা আগবঢ়ায় আৰু আৰক্ষীৰ অসদাচৰণৰ বিৰূদ্ধে ২০০৭ চনত প্ৰতিষ্ঠা কৰা আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়। 

ইয়াৰোপৰি আৰক্ষী দায়বদ্ধতা আয়োগৰ সদস্যা ডঃ শ্বাহনাজ ৰহমানে আয়োগৰ কৰ্মৰাজি সন্দৰ্ভত বিস্তাৰিত বক্তব্য আগবঢ়ায়। তাৰোপৰি অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত ডিআইজি নিতুল গগৈ, জিলা আৰক্ষী অধীক্ষক অমৃত ভূঞাৰ উপৰিও মানকাচৰৰ শিক্ষাবিদ তথা সমাজ সেৱক আশ্ৰফ আলীকে ধৰি ভালেমান ব্যাক্তিয়ে সভাখনত বহুমুলীয়া ভাষন আগবঢ়ায়। আনকি অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ সভাপতি বি পি কটকীয়ে বিভিন্ন বক্তাৰ প্ৰশ্নৰ উত্তৰ প্ৰদান কৰি আইনী দিহা পৰামৰ্শ আগবঢ়ায়।