ওদালগুৰিঃ ১৯৯০ চন মানৰ কথা৷ তেতিয়াৰ দৰং বৰ্তমানৰ ওদালগুৰি জিলাৰ এখন ভিতৰুৱা ঠাইলৈ আগমন ঘটিছিল এগৰাকী সাধুৰ৷ সাধুগৰাকীৰ সৈতে আছিল কেবাগৰাকী সংগী৷ সাধুৰ আগমন ঘটা এই বিশেষ ঠাইখন হৈছে বান্দৰগুৰি৷ 

বান্দৰগুৰিত উপস্থিত হৈয়ে স্থানীয় লোকসকলৰ সৈতে যোগশিক্ষা সম্পৰ্কে আলচ কৰিছিল সাধুৰ দলটোৱে৷ স্থানীয় লোকসকলেও এই ক্ষেত্ৰত আগ্ৰহ প্ৰদৰ্শন কৰাত কিছুদিন পিছতে বয়োজ্যেষ্ঠসকলৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক এটা বিশেষ গৃহত যোগৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে৷

কেৱল ইমানেই নহয়, অঞ্চলটোত যোগশিক্ষা সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ওদালগুৰিৰ ভৈৰৱকুণ্ডত এখন যোগাশ্ৰম খোলাৰো পৰিকল্পনা কৰিছিল সাধুৰ দলটোৱে৷ এই পৰিকল্পনা অনুযায়ী সেই সময়ত ভৈৰৱকুণ্ডত সাত দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল যোগমেলা৷

আন্তৰ্জাতিক যোগ দিৱসৰ এদিন পূৰ্বে পোহৰলৈ অহা এই কথাই গৌৰৱান্বিত কৰি তুলিছে সমগ্ৰ বান্দৰগুৰি আৰু ভৈৰৱকুণ্ডবাসীক৷ কিয়নো যিগৰাকীয়ে সাধুৱে বিংশ শতিকাতে অঞ্চলটোত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল সেইগৰাকী সাধু আন কোনো নহয়৷ তেওঁ হৈছে বৰ্তমান সমগ্ৰ বিশ্বতে যোগৰ প্ৰশিক্ষণ প্ৰদানেৰে জনপ্ৰিয় হৈ পৰা বাবা ৰামদেৱ৷

'নিউজ নেক্সট ৱান'ৰ আগত এই কথা সদৰী কৰিছে বান্দৰগুৰি অঞ্চলৰ স্থানীয় বাসিন্দা গুণ ছেত্ৰীয়ে৷ ‘আমি তেতিয়া ডেকা আছিলো৷ সাধু-সন্যাসীৰ প্ৰতি এক অনামী আকৰ্ষণ আছিল৷ তেনেতে আমাৰ গাঁৱলৈ সাধুৰ দলটো অহাত উৎফুল্লিত হৈ পৰিছিলো৷ বহুদিন ধৰি সাধুৰ দলটো আমাৰ ঘৰতে আছিল৷ আমাৰ ঘৰত থাকিয়েই তেওঁলোকে যোগৰ বিষয়ে ৰাইজক সজাগ কৰি ফুৰিছিল৷ তেওঁলোকৰ এনে প্ৰচেষ্টাক সকলোৱে আদৰি লৈছিল৷’-এইদৰে কয় লোকজনে৷

বান্দৰগুৰি গাঁৱত থকা সময়ত বাবা ৰামদেৱৰ দলটোৱে সপ্তাহত ৫ দিনকৈ যোগৰ প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছিল বুলিও জানিবলৈ দিছে ছেত্ৰীয়ে৷ ‘যোগৰ প্ৰশিক্ষণৰ লগতে সাধুসকলে আমাক বিভিন্ন ঔষধি গছ-গছনিৰ সৈতে চিনাকি কৰাই দিছিল৷ তেনেকৈয়ে আমি বহু ঔষধি গছ-গছনিৰ কথা জানিব পাৰিছিলো৷ এতিয়াও আমি বেমাৰ-আজাৰ হ’লে তেনে ঔষধি গছ-গছনি ব্যৱহাৰ কৰি উপকৃত হৈ আহিছো৷’-অতীতলৈ উভতি গৈ এইদৰে কয় ছেত্ৰীয়ে৷

পিছে সময় সদায় একেদৰে নাযায়৷ বিদেশী খেদা আন্দোলনৰ পিছত ক্ষন্তেকৰ বাবে শান্তিময় হৈ পৰা অসম পুনৰ অগ্নিগৰ্ভা হৈ পৰে৷ আলফাৰ উত্থান, বড়ো আন্দোলন আদিয়ে সমগ্ৰ ৰাজ্যৰ লগতে জোকাৰি যায় ওদালগুৰিৰ পৰা প্ৰায় ১৩ কিলোমিটাৰ উত্তৰৰ শান্ত-সমাহিত বান্দৰগুৰিকো৷

ফলত সকলো পৰিকল্পনা আধাতে সামৰি অসম এৰি যাবলৈ বাধ্য হৈ পৰে সাধু-সন্যাসীৰ দলটো৷ এনেদৰে সাধু-সন্যাসীৰ দলটো গুচি যাবলগীয়া হোৱাত মৰ্মাহত হৈ পৰে যোগৰ প্ৰশিক্ষণৰে নতুনত্বৰ সন্ধান লাভ কৰা বান্দৰগুৰিবাসীয়ে৷

এই ঘটনাৰ কেবাবছৰ পাৰ হৈ যোৱাৰ পিছত এদিন হঠাৎ আনন্দত কিৰিলি পাৰি উঠে গুণ ছেত্ৰী৷ আনন্দত কিৰিলি পাৰি উঠিবৰে কথা৷ যিজন সন্যাসীয়ে তেওঁৰ গৃহত তেওঁৰ গাঁৱত পদধূলা দি গৈছে সেই সন্যাসীজনে একেই ভংগীমাৰে, একেই প্ৰজ্ঞাৰে যোগৰ প্ৰশিক্ষণ প্ৰদান কৰি আছে ‘আস্থা’ নামৰ টিভি চেনেলটোত৷

‘বহুসময় ধৰি মই তভক মাৰি টিভিটোলৈ চাই আছিলো৷ মই দেখিয়েই ধৰিব পাৰিছিলো যে সেই সন্যাগী গৰাকী আন কোনো নহয়৷ তেওঁ হৈছে ৰামদেৱ৷ আমাৰ ঘৰত থাকি আমাৰ গাঁৱত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰা বাবা ৰামদেৱ৷ যেতিয়া টিভিৰ স্ক্ৰীণত তেওঁৰ নামটো জিলিকি উঠিছিল, তেতিয়া মোৰ আনন্দৰ সীমা নাছিল৷’-অতীত স্মৃতি ৰোমন্থন কৰি শিহৰিত হৈ পৰা ছেত্ৰীয়ে কয়৷

'নিউজ নেক্সট ৱান'ক লোকজনে বাবা ৰামদেৱে তাহানিতে যোগৰ প্ৰশিক্ষণ প্ৰদান কৰা গৃহটোৰ বিষয়েও জনায়৷ কাঠেৰে তৈয়াৰী উক্ত গৃহটোত বৰ্তমান এখন বিদ্যালয় চলি আছে৷ কাইলৈৰ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে বাবা ৰামদেৱৰ পদধূলা পোৱা সমগ্ৰ বান্দৰগুৰিতে আয়োজন কৰা হৈছে বিশেষ যোগ প্ৰশিক্ষণ শিবিৰৰ।