কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাজান তিনালীত বিগত বৰ্ষৰ ৫ আগষ্টত সংঘটিত হোৱা নাৰকীয় কাণ্ডই কাইলৈ এবছৰ পূৰ্ণ কৰিব। অভিশপ্ত ৫ আগষ্ট বুলি পৰিচিত লাভ কৰা উক্ত ঘটনাত এটা উগ্ৰপন্থী আৰু ১৪জন নিৰীহ লোক নিহত হোৱাৰ লগতে শিশু মহিলা সহিতে ১৮ গৰাকী লোক আহত হৈছিল। ব্যাপক চাঞ্চল্য সৃষ্টিকাৰী উক্ত ঘটনাৰ পিছত চৰকাৰে উগ্ৰপন্থীৰ গুলীত নিহত আৰু আহতসকলক আৰ্থিক সাহায্য প্ৰদান কৰিয়ে দায়িত্ব সামৰিলে।

উক্ত ঘটনাৰ সতে এনডিএফবি (স ) জড়িত থকা বুলি চৰকাৰে দাবী কৰিছিল যদিও এনডিএফবিয়ে(স) সেয়া অস্বীকাৰ কৰিছিল । নিৰাপত্তাৰক্ষীৰ গুলীত নিহত উগ্ৰপন্থী সদস্যজনক চিনাক্তকৰণৰ বাবে প্ৰশাসনে ডিএনএ টেষ্টৰ আশ্ৰয় গ্ৰহন কৰিছিল যদিও আজিকপোতি ডিএনএ টেষ্টৰ ফলাফল চৰকাৰে ৰাজহুৱা নকৰিলে ।

নাৰকীয় ঘটনাত কোনোবাই নিজ পিতৃক, মাতৃ, স্বামী, পত্নী, ভগ্নী, ভাতৃক হেৰুৱাইছিল। যি সকল আহত হৈছিল তেওঁলোকৰ একাংশই আজিও সম্পূৰ্ণৰূপে সুস্থ্ হৈ উঠা নাই। আহতসকলক চৰকাৰে আৰ্থিক সাহায্য হিচাপে আগবঢ়োৱা সামান্য টকা চিকিৎসাৰ নামতে খৰছ হ'ল যদিও কেবাগৰাকী আহতই এতিয়াও সুস্থ হৈ উঠা নাই।

এনে এক পৰিৱেশৰ মাজতে কাইলৈ বালাজান তিনালীত জিলা প্ৰশাসনৰ উদ্যোগত আৰু বালাজান তিনালী বজাৰ সমিতিৰ সহযোগত এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ'ব য'ত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও অংশগ্ৰহণ কৰিব। ইয়াৰোপৰি সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগতো বালাজান কাণ্ডত নিহতসকলৰ স্মৃতিত কাইলৈ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বালাজান তিনালীত অনুষ্ঠিত হ'ব। 

প্ৰকৃততে সন্ত্ৰাসবাদে উছন কৰে এখন ঘৰ। মুহূৰ্ততে থানবান কৰে এটা পৰিয়াল। আজিও নিহতৰ বিধৱা পত্নীৰ হিয়াভগা কান্দোনে সন্ত্ৰাসবাদৰ ভয়াৱহাতাকে উদঙাই দিয়ে। অকল এয়াইনে? বালাজান তিনালীত উগ্ৰপন্থীয়ে নিৰ্বিচাৰে গুলীচালনাৰে নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ব্যৱসায় বাণিজ্যও মন্দা হৈ পৰিছে। নাৰকীয় হত্যাকাণ্ডই এটা বছৰ অতিক্ৰম কৰিবলৈ মাজত মাথো কেইটামান মুহূৰ্ত বাকী যদিও আজিও উক্ত ঘটনাক সুঁৱৰি দুৰু দুৰুকৈ কঁপি উঠে ভুক্তভোগীৰ পৰিয়াল আৰু স্থানীয় জনতা। 

গতানুগতিকতাৰে কাইলৈ অৰ্থাৎ ৫ আগষ্টত জিলা প্ৰশাসনৰ তৰফৰ পৰা বালাজান তিনালীত অনুষ্ঠিত হ'ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা। কিন্তু ভুক্তোভোগীৰ পৰিয়ালে নীৰৱে আজন্ম কঢ়িয়াই থাকিব এক যন্ত্ৰনা , যি যন্ত্ৰনাৰ জন্মদাতা সন্ত্ৰাসবাদ।