newsnextone.com | তামুলপুৰঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শুকুৰবাৰে পুৱাৰে পৰা আক্ৰাছুৱে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিএডিৰ বাক্সা জিলাৰ তামুলপুৰ মহকুমাত ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ 

কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ একাংশ সমৰ্থক ৰাজপথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷

২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া অসম বন্ধক সমৰ্থন জনাই ৰাজপথলৈ সমৰ্থক ওলাই অহা পৰিলক্ষিত হয়৷ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনোৱা বন্ধৰ প্ৰভাৱ বাক্সা জিলাৰ তামুলপুৰতোঁ পৰা দেখা যায়৷ বন্ধৰ সময়ত আক্ৰাছুৰ সমৰ্থকে তামুলপুৰ টাউনত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। 

বন্ধৰ সমৰ্থকসকলে ৰঙিয়া-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ মটঙা চ’কত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ৰাজপথত পৃথক কমতাপুৰ ৰাজ্য লাগিবই, ন-এছ-টি ন-ৰেষ্ট, আমাক শীঘ্ৰে জনজাতিকৰণ কৰক, নৰেন্দ্ৰ মোডী চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ হায় হায় আদি শ্ল’গান দি তামুলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে৷