newsnextone.com | গোৰেশ্বৰঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শুকুৰবাৰে পুৱাৰে পৰা আক্ৰাছুৱে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক ভাৱে পৰা পৰিলক্ষিত হৈছে৷ 

কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ একাংশ সমৰ্থক ৰাজপথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷

২০ জুলাইৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া অসম বন্ধক সমৰ্থন জনাই ৰাজপথলৈ সমৰ্থক ওলাই অহা পৰিলক্ষিত হয়৷ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই জনোৱা বন্ধৰ প্ৰভাৱ বাক্সা আৰু ওদালগুৰি জিলাতোঁ পৰা দেখা যায়৷ বন্ধৰ সময়ত আক্ৰাছুৰ সমৰ্থকে বাক্সাৰ গোৰেশ্বৰৰ সৰুফুলচ'কীত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। 

ওদালগুৰি জিলাৰ বন্ধ সমৰ্থকে পুৱাই ৰাজাগড়ত পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ সমৰ্থকসকলে নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে। বাঙালীপাৰাতোঁ আক্ৰাছুৱে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ওদালগুৰি-তামুলপুৰৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰি সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, জুৱেল ওৰাম হায় হায় আদি ধ্বনি দি আকাশ বতাহ কঁপাই তোলে৷ বন্ধৰ সময়ত বাঙালীপাৰা, উপৰখুটি, সুৱাগপুৰ, ভেৰগাঁও, ডিমাকুছি, ৰজাগড়, শুক্লাই, আটাৰীখাট, অম্বৰীশ নগৰ আদি অঞ্চলৰ দোকান পোহাৰ বন্ধ থকাৰ উপৰিও ৰাজপথত যান বাহন চলাচল শূন্য দেখা যায়৷