newsnextone.com | ওদালগুৰিঃ অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে পুৱাৰে পৰা আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়। 

ওদালগুৰি জিলা সদৰৰ উপৰিও টংলা, ভেৰগাওঁ, কলাইগাওঁ, ডিমাকুচি, হৰিশিঙা, পানেৰী, বেংবাৰী, ৰৌতা, ওৰাং, মাজবাট ইত্যাদি অঞ্চলত বন্ধৰ প্ৰভাৱ পৰা বুলি জানিব পৰা গৈছে। বন্ধৰ সময়ছোৱাত দুই এখন ব্যক্তিগত যানবাহন চলাচল কৰে যদিও দূৰণিবটীয়া সকলো যান-বাহনৰ চলাচল বন্ধ হৈ থকাৰ লগতে চৰকাৰী বেচৰকাৰী কাৰ্যালয়, বিত্তীয় প্ৰতিষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। 

ইয়াৰোপৰি চৰকাৰী-বেচৰকাৰী কাৰ্যালয় সমূহ বন্ধ হৈ থাকে কিন্তু ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমূহ চলি থকা দেখা যায়। বন্ধৰ সময়ছোৱাত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা নাই। ইফালে বন্ধৰ সময়ছোৱা যাতে সুকলমে পাৰ হয় তাৰ বাবে জিলা প্ৰশাসনে সমগ্ৰ জিলাখনতে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে।