newsnextone.com | বিহালীঃ মঙলবাৰে বিশ্বনাথ জিলাৰ বিহালীৰ বৰগাঁও চাহ বাগিচাৰ চাহ শ্ৰমিকক দৰমহাকে ধৰি আন আন সুবিধা সমূহ শীঘ্ৰে প্ৰদানৰ দাবীত কেইবাটাও সংগঠনে বিশ্বনাথ জিলাৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ 

বৰগাঁও চাহ বাগিচাৰ শ্ৰমিকসকলক মালিক পক্ষই দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে মঙলবাৰে অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘ, বিপ্লৱী যুৱ সন্থাই প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰি চাহ বাগিচাখনৰ খাটিখোৱা শ্ৰমিকসকলক দৰমহা, ভাট্টা, চিকিৎসা, শিক্ষা, বিশুদ্ধ খোৱাপানী আদিৰ সুবিধা প্ৰদান কৰাৰ দাবী জনায়৷

শ্ৰমিকসকলক ২০১৬-১৭ বৰ্ষৰ বকেয়া-বনাচ, ২ বছৰৰ বকেয়া খৰি দিয়া, অস্থায়ী শ্ৰমিকক ২০১৭ বৰ্ষৰ ছুটীৰ টকা আদায় দিয়া, লক আউটৰ আগৰ দুটা কৰ্ম দিনৰ দৰমহা দিয়া, এখন এম্বুলেঞ্চ প্ৰদান কৰা, জুতিকা গোৱালা নামৰ স্থায়ী শ্ৰমিকগৰাকীৰ চিকিৎসাৰ বাবদ খৰচ হোৱা ৭০ হাজাৰ টকা পৰিয়ালক প্ৰদান কৰা, শ্ৰমিকসকলৰ আবাস সমূহ মেৰামতী কৰা নতুবা ঘৰ ভাড়া দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ 

উল্লেখ্য যে, বিহালী বৰগাঁও চাহ বাগিচাৰ মালিক পক্ষই দীৰ্ঘদিন ধৰি শ্ৰমিকক সুবিধা দিয়াৰ পৰা বিৰত থকাৰ ফলত ২০১৭ চনৰ ১৫ আগষ্টাৰ পৰা জোৰদাৰ প্ৰতিবাদ কৰিছিল৷ শ্ৰমিকসকলে মালিকৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ফলত ২০১৭ বৰ্ষৰ ২২ জুলাইত বাগিচা লক আউট কৰিছিল মালিকে৷ 

৬ মাহ পিচত অসম চৰকাৰ আৰু উচ্চ ন্যায়ালয়ে লক আউট বেআইনী ঘোষণা কৰি বাগিচা খুলিবলৈ নিৰ্দেশ দিয়াত সেই বৰ্ষৰ ২৫ ডিচেম্বৰৰ পৰা পুনৰ বাগিচাৰ কাম কাম আৰম্ভ হয়৷ বাগিচাৰ কাম আৰম্ভ হ’ল যদিও আজি পৰ্যন্ত বাগিচাৰ শ্ৰমিকসকল দৰমহাকে ধৰি আন আন সুবিধা সমূহ নিদিলে৷ লক আউটৰ সময়চোৱাত তেজপুৰৰ সহঃ শ্ৰম আয়ুক্তকৰ কাৰ্যালয়ত হোৱা ত্রিপাক্ষিক আলোচনাত ২ বছৰৰ প্ৰাপ্য সুবিধা সমূহ শ্ৰমিকক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল মালিক পক্ষই৷ 

মালিক ৰাজীৱ প্ৰিন্সাই আজি পৰ্যন্ত প্ৰতিশ্ৰুতি সমূহ পূৰণ নকৰাত শ্ৰমিকসকলে পৰিয়াল চলোৱাৰ নামত হাহাকাৰ কৰিব লগা হয়৷ ফলত পুনৰ ন্যায়ৰ বাবে প্ৰশাসনৰ ওচৰ চাপিব লগা হয় সংগঠন৷ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী, সম্পাদক কৃষ্ণ পাইক, বিপ্লৱী যুৱ সন্থাৰ জিলাৰ মুখ্য আহ্বায়ক পৰিমল গোড়, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ বৰগাঁও শাখাৰ সভাপতি ৰাজেন খেৰোৱাৰে প্ৰদান কৰা স্মাৰক পত্ৰ যোগে ৯ দফীয়া দাবী পূৰণৰ দাবী জনায়৷