মঙলদৈ/শিমলুগুৰি/কামপুৰঃ ১১ জনলৈ বৃদ্ধি হ’ল বৰপেটা মেডিকেল কলেজৰ কেচুৱাৰ মৃত্যুৰ সংখ্যা৷ ৬০ ঘন্টাৰ ভিতৰত ১১টা কৈ কেচুৱাৰ মৃত্যু হয় বৰপেটা মেডিকেল কলেজত৷ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে বুধবাৰে নিশাৰে পৰা এতিয়ালৈ ১১টা কৈ কেচুৱাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হয়৷

আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে এতিয়ালৈ ১১টা কৈ শিশু মৃত্যু মুখত পৰে৷ বৰপেটা মেডিকেল কলেজ কাণ্ডৰ প্ৰতিবাদ জনাই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে দল-সংগঠনে৷

দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সময়তে শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ বিভিন্ন ঠাইৰ লগতে বৰপেটা জিলাৰ গুমাফুলবাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। স্বাস্থ্য বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷

NNO মঙলদৈঃ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ৬০ ঘন্টাৰ ভিতৰত ১১টা কৈ নৱজাতকৰ মৃত্যুত দৰঁ জিলাৰ লেঙ্গেৰীপাৰত ছাত্ৰ মুক্তি সংগাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

NNO শিমলুগুৰিঃ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ব্যৰ্থতাক ধিক্কাৰ জনাই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীৰে শিমলুগুৰিত স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। বৰপেটা চিকিৎসা মহাবিদ্যালয়ত দেৱশিশুৰ মৃত্যুৰ কিৰিলি। ১১ জনকৈ দেৱশিশুৰ কৰুণ মৃত্যু। স্বাস্থ্য বিভাগৰ এই ব্যৰ্থতাক ধিক্কাৰ জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীৰে শুকুৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে শিমলুগুৰিৰ নগৰৰ মাজমজিয়াত স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে। কাৰ্যসূচীত সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বিকাশ ফুকন, সম্পাদক লক্ষী শইকীয়া আৰু জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকন, সহকাৰী সাধাৰণ সম্পাদক আছিফ ইছলামৰ লগতে সংগঠনটোৰ কৰ্মী সকলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বি জে পি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদৰ পৰা পদত্যাগ কৰক আদি বিভিন্ন শ্ল’গানেৰে শিমলুগুৰি নগৰ উত্তাল কৰি তোলে।

NNO কামপুৰঃ কামপুৰতো বৰপেটা কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে শুক্ৰবাৰে কামপুৰ বজাৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰ বিৰুধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰি বৰপেটা কাণ্ডৰ উচিত তদন্ত দাবী জনায়। 

NNO চাবুৱাঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত অব্যাহত আছে দেৱশিশুৰ মৃত্যুৰ কিৰিলি। ৬০ ঘন্টাৰ ভিতৰত ১১জনকৈ দেৱশিশুৰ মৃত্যু হয়। স্বাস্থ্য বিভাগৰ এই ব্যৰ্থতাক ধিক্কাৰ জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰি শুকুৰবাৰে সমগ্ৰ অসমৰ লগতে চাবুৱাতো কৃষক-ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চাবুৱাৰ চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত স্বাস্থ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্থ কৰে।