বিজয়া দশমীৰ দিনা ডাইবেটিছ বেমাৰী মাকক মিঠাই খুৱাইছিল বৃদ্ধ দেউতাকে
এই অপৰাধত ৮০ বছৰীয়া বৃদ্ধ দেউতাকক অতি নিৰ্মমভাৱে মাৰ-ধৰ কৰিলে কুলাঙ্গাৰ পুত্ৰই
ঘৰৰ পৰাই অভিযুক্ত পুত্ৰ প্ৰদীপক গ্ৰেপ্তাৰ আৰক্ষীৰ
ডিজিটেল ডেস্ক,কলিকতাঃ
  দুৰ্গা পূজাৰ বিজয়া দশমীৰ দিনাখন নিজৰ বৃদ্ধা পত্নীক এটুকুৰা মিঠাই খুওৱাইছিল এগৰাকী বৃদ্ধ পতিয়ে। ডাইবেটিছ বেমাৰত ভূগী থকা মাতৃক কিয় মিঠাই খুওৱালে ? এই অজুহাতত কুলাঙ্গাৰ পুত্ৰই নিজ পিতৃক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিলে। কুলাঙ্গাৰ পুত্ৰই বৃদ্ধ পিতৃক মাৰ-ধৰ কৰি থকাৰ সময়তে সৌভাগ্যক্ৰমে চুবুৰীয়া এজনে উক্ত ঘটনাটো মোৱাইলযোগে ভিডিঅ ৰেকৰ্ডিং কৰে আৰু চচিয়েল মিডিয়াত এৰি দিয়ে। উক্ত ভিডিঅটোত পশ্চিমবঙ্গৰ আৰক্ষীৰ নজৰলৈ অহাত আৰক্ষীয়ে বৃদ্ধ দম্পত্তীৰ লগত যোগাযোগ কৰি এই অত্যাচাৰী কুলাঙ্গাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰে।অভিযুক্ত কুলাঙ্গাৰ পুত্ৰৰ নাম প্ৰদীপ বিশ্বাস আৰু এই চাঞ্চল্যকৰ ঘটনাটো ঘটিছে কলিকতাৰ ওচৰৰ উত্তৰ ২৪ পৰগনাৰ অশোকনগৰত।

বিশেষ সুত্ৰ যোগে গম পোৱা অনুসৰি বিজয়া দশমীৰ দিনাখন ৰাতিপুৱাই বৃদ্ধা পত্নীয়ে পতিক প্ৰনাম কৰিছিল আৰু সেইবাবে ঘৰতে আনি থোৱা মিঠাইৰ পেকেটৰ পৰা এটুকুৰা মিঠাই বৃদ্ধ পতি মানিকলাল বিশ্বাসে (৮০) বিজয়া দশমী উপলক্ষে পত্নীক খূৱাই দিছিল। ঘটনাটোৰ সময়ত কুলাঙ্গাৰ পুত্ৰ প্ৰদীপ বিশ্বাস ঘৰত নাছিল। 

ঘৰলৈ আহিয়েই ঘটনাটো কানত পৰাত ডাইবেটিছ বেমাৰী মাকক কিয় মিঠাই খুৱালে বুলি কুলাঙ্গাৰ পুত্ৰ প্ৰদীপে বৃদ্ধ পিতৃ মালিকলাল বিশ্বাসক মাতি আনি অতি নিৰ্মমভাৱে চৰিয়াবলৈ ধৰিলে। এটাৰ পিছত আনটো চৰ। আকৌ এটাৰ পিছত আনটো চৰ। নিজ পুত্ৰৰ হাতত এনেদৰে প্ৰহৃত হৈ ৮০ বছৰীয়া বৃদ্ধ মানিকলালে হতবাক হৈ নিজকে চম্ভালি লৈ লাহে লাহে সেই স্থান ত্যাগ কৰা উক্ত ভিডিঅ ফুটেজটোত দেখা গৈছে। কুলাঙ্গাৰ পুত্ৰই বৃদ্ধ পিতৃ মানিকলালক চৰিয়াই চৰিয়াই আৰু কৈছিল যে এই মিঠাইটো সি তাৰ নিজৰ বাবেহে আনি থৈছিল, সেইতো মিঠাই মাকক কিয় খুৱাই দিয়া হ’ল?  

এগৰাকী প্ৰতিৱেশীয়ে সমগ্ৰ ঘটনাতো ভিডিঅ ৰেকৰ্ডিং কৰি চচিয়েল মিডিয়াত আপলোড কৰাৰ অলপ সময়ৰ পিছতেই ভাইৰেল হৈ পৰিল । অতি সোনকালে উত্তৰ ২৪ পৰগনাৰ অশোকনগৰৰ আৰক্ষীয়েও ভাইৰেল হোৱা ভিডিঅটো পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহন কৰিলে।  আৰক্ষীৰ দলতো গৈ বৃদ্ধ দম্পত্তিৰ গৃহত উপস্থিত হোৱাৰ পিচতেই যেন হেৰুওৱা সাহস ঘুৰাই পালে পুত্ৰৰ অত্যাচাৰত তিল তিলকৈ জীৱন কটোঁৱা বৃদ্ধ দম্পত্তিহালে। আৰক্ষীৰ সন্মুখত পুত্ৰৰ অত্যাচাৰৰ সকলো কথা স্বীকাৰ কৰিলে এই বৃদ্ধ দম্পত্তিহালে। কুলাঙ্গৰ পুত্ৰই প্ৰায়েই তেঁওলোকক নাৰধৰ কৰে বুলি বৃদ্ধ দম্পত্তিহালে আৰক্ষীক অভিযোগ দিয়ে। তাৰ পিচত বৃদ্ধ মানিকলালে আৰক্ষীৰ ওচৰত নিজ পুত্ৰ প্ৰদীপ বিশ্বাসৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে আৰু লগে লগে আৰক্ষীয়ে নিজ ঘৰৰ পৰাই কুলাঙ্গাৰ পুত্ৰ প্ৰদীপ বিশ্বাসক গ্ৰেপ্তাৰ কৰে।