newsnextone.com | নগাঁওঃ কেইবা দশক ধৰি ভ্ৰাম্যমান জগতত নেপথ্য শিল্পী হিচাবে কাম কৰি ৰাইজৰ আদৰ লাভ কৰা শিল্পী  লীলা শইকীয়াই আৰ্থিক সংকটত পৰি জীৱনৰ বিয়লি বেলাত  হাহাকাৰ কৰিব লগা হৈছে৷ বহুকেইটা প্ৰতিষ্ঠিত নাট্যদলত সেৱা আগবঢ়াই বৰ্তমান ৰোগীয়া জীৱন অতিবাহিত কৰা শিল্পী লীলা শইকীয়াৰ দুখৰ বেদনা কোনে বুজিব সেয়া এক বৃহৎ প্ৰশ্ন। এসময়ত বেহেলা বাদনেৰে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ পৰিভ্ৰমী ভ্ৰাম্যমানৰ হাজাৰ হাজাৰ দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা শিল্পীগৰাকী আজিও চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে৷ 

যাৰ পৰিণতিত এক দুৰ্বিষহ জীৱন জীৱন কটাবলৈ বাধ্য হোৱা নব্বৈ উৰ্ধ্বৰ এই শিল্পীগৰাকীৰ খবৰ ল’বলৈ কিন্তু জনপ্ৰতিনিধি বা বিভিন্ন দল-সংগঠনৰ কাৰোয়েই সময় নাই ৷ আনকি ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা শিল্পী পেঞ্চনৰ পৰাও বঞ্চিত হৈ আহিছে অশীতিপৰ শিল্পীগৰাকী। স্থানীয় বিভিন্ন দল সংগঠনে মাজে সময়ে স্থানীয়ভাৱে সন্মান জনাই আহিছে যদিও দুৰ্ভাগ্যজনকভাবে আৰ্থিক ভাৱে জুৰুলা প্ৰচাৰ বিমূখ শিল্পী গৰাকীৰ প্ৰতি পৰা নাই চৰকাৰৰ সুদৃষ্টি৷

এনে সময়তে ৰূপহীহাট সমষ্টিৰ উদীয়মান যুৱনেতা ইলিয়াছ ৰহমত উল্লাহে নিজা প্ৰচেষ্টাৰে ১৮ জুলাইৰ নিশা শিল্পীগৰাকীৰ জাজৰিৰ মাজগাঁওস্থিত বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈ বিশেষভাৱে সন্মান জনোৱাৰ লগতে এটি আৰ্থিক সাহায্য আগবঢ়ায়। যুৱনেতাগৰাকীয়ে তেওঁৰ বন্ধু শিক্ষক ইৰশ্বাদ হুছেইন আৰু লুৎফুৰ ৰহমানৰ সৈতে জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, সম্পাদক ৰাহুল দেৱ বৰদলৈ আৰু সাংবাদিক দিলদাৰ হুছেইনৰ উপস্থিতিত শিল্পী শইকীয়াক ফুলাম গামোচা, ধুতি, পাঞ্জাবী, গেঞ্জী  আৰু নগদ ধনেৰে সন্মান জনায়।

যুৱ নেতাগৰাকীয়ে শিল্পী গৰাকীক এই সন্মান জনাই কয় সাংস্কৃতিক জগতখনক মহীয়ান কৰি এই গৰাকী প্ৰচাৰ বিমুখ শিল্পীয়ে নিজৰ শিল্প সাধনাৰে গোটেই জীৱন শ্ৰম কৰিলে বুলি কয়। শিল্পী গৰাকীৰ প্ৰতি ৰাজ্য চৰকাৰ দায়িত্ব আছে৷ গতিকে শীঘ্ৰে সদয় হৈ শিল্পী পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। তেতিয়াহে তেখেতে প্ৰকৃতি সন্মান পাব৷ এনে এগৰাকী শিল্পীক আজি লগ পাই মই  বহুত আনন্দ অনুভৱ কৰিছোঁ বুলিও কয়৷ 

মোৰ জীৱনৰ সকলোতকৈ শুভ মুহূৰ্তত এই সময় বুলি উল্লেখ কৰি যুৱ নেতাগৰাকীয়ে পৰবৰ্তী সময়ত আকৌ আহি সাধ্যানুসাৰে শিল্পীগৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ শিল্পীৰ প্ৰতি দেখুওৱা এনে মহানুভতা তথা আদৰ্শক জাজৰি প্ৰেছ ক্লাৱে অভিনন্দন জ্ঞাপন কৰাৰ লগতে বৃহত্তৰ জাজৰিবাসী সচেতন লোকসকলে শলাগ জনাইছে৷