newsnextone.com | গুৱাহাটীঃ বুধবাৰে পুৱা ৬ বজাত অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লিখক ভদ্ৰকৃষ্ণ গোস্বামীয়ে মৃত্যুক আকোৱালি লয়। জকাই সত্ৰৰ সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামীৰ গুৱাহাটীৰ এপল’ হাস্পতালত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

তেওঁৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰে। অসম সাহিত্য সভাৰ বিশেষ সন্মান শতবৰ্ষীয় সন্মানপ্ৰাপ্ত বিশিষ্ট লিখক, সত্ৰাধিকাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল।
অসম সাহিত্য সভাকে ধৰি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তেওঁৰ মৃত্যত শোক প্ৰকাশ কৰে। অসম চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিব বুলি জানিব পৰা গৈছে।