বিলাসীপাৰাঃ স্বাধীনতাৰ পিছৰপৰা উন্নতিৰ মুখ নেদেখা নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ বিকাশ ক্ৰমান্বয়ে বাঢ়ি থকা পৰিলক্ষিত হৈছে। বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক মাননীয় অশোক কুমাৰ সিংহীৰ তৎপৰতাৰে বিলাসীপাৰা চহৰখন উন্নতিৰ দিশত আগবাঢ়ি থকা অবস্থাতে বৃহস্পতিবাৰে এদিনতে তিনিখনকৈ আধাৰশিলা স্থাপন কৰি ৰাইজৰ মুখত হাঁহি বিৰিঙি থকা দেখা পোৱা গ’ল।

বিলাসীপাৰা চহৰৰ পুৰণি বজাৰত টাউন হ’ল, মডেল হাস্পতাল, ISBT বাছ স্থানৰ আধাৰশিলা স্থাপন কৰে। বিলাসীপাৰা চহৰখনক মডেল চহৰ হিচাপে বনোৱা বিধায়ক গৰাকীৰ বহু পুৰণি সপোন বুলি নিজ ভাষণত প্ৰকাশ কৰে। উক্ত আধাৰশিলা স্থাপন কাৰ্যক্ৰমত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত অনন্ত লাল জ্ঞানী বিলাসীপাৰা মহকুমাৰ মহকুমাধিপতি ৰোহন কুমাৰ ঝা আৰু বিলাসীপাৰা নগৰ সমিতিৰ নগৰ পালক দ্বীপ শৰ্মা আৰু অন্যান্য বিষয়ববীয়া সকল।