newsnextone.com | বিলাসীপাৰাঃ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী। ৩০ জুলাইত এনআৰচি কৰ্তৃপক্ষই প্ৰকাশ কৰিব এনআৰচিৰ সম্পূৰ্ণ খচৰা। ইতিমধ্যে এই ক্ষণলৈ বাট চাই ৰৈছে। ইপিনে খচৰা প্ৰকাশৰ পিছত ৰাজ্য যাতে কোনো অসুস্থ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যৰ দল-সংগঠনে কাম কৰি থকা পৰিলক্ষিত হৈছে৷ সমানে ৰাজ্যৰ প্ৰশাসনেও অব্যাহত ৰাখিছে এই চেষ্টা৷

৩০ জুলাইত নাগৰীক পঞ্জী উন্নীতকৰণৰ খচৰা প্ৰকাশ পাব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এনআৰচিৰ খচৰা প্ৰকাশৰ কাম দ্ৰুত গতিত আগবাঢ়িছে  ধুবুৰী জিলাত।

তাৰ মাজতে, ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্ৰশাসনে বিলাসীপাৰা প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষা গৃহত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে এখন সভা অনুষ্ঠিত কৰে৷ 

সভাত বিলাসীপাৰা মহকুমাধিপতি ৰোহন কুমাৰ ঝা, বিলাসীপাৰা ৰাজহ চক্ৰ বিষয়া ছৰফৰাজ হক, বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া সৰোজ সোণোৱাল, দণ্ডাধীশ ৰূপকোমল ৰাভা আদিয়ে উপস্থিত থাকি NRC খচৰাত কোনো লোকৰ বাদ পৰিলে চিন্তা কৰিব নালাগে বুলি কৈ ৰৈ যোৱা লোকক ভাৰতীয় হোৱাৰ প্ৰমাণ কৰাৰ সুবিধা দিয়া হ’ব বুলি কয়। 

NRCৰ চূড়ান্ত খচৰা পৰা বাদ পৰিব তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব আৰু যিসকল ডি-ভোটাৰ হৈছে সেইসকল লোকে প্ৰকৃত নথিপত্ৰ যোগে পুনৰ আবেদন কৰিব পাৰিব বুলি কয়। সকলো ৰাইজৰ সহায় বিচাৰে মহকুমাধিপতিয়ে। আনহাতে কোনো লোকৰ যদি নাম কেনেবাকৈ প্ৰকাশ নাপালেও শংকিত হোৱাৰ কাৰণ নাই বুলি কৈ খচৰা তালিকাৰপৰা নাম বাদ পৰিলে বা নাম অন্তৰ্ভুক্তি শুধৰণি বা ওজৰ আপত্তি থাকিলে অহা ৩০ আগষ্টৰ পৰা ২৮ চেপ্তেম্বৰলৈকে আবেদন কৰিব পাৰিব নিজ নিজ অঞ্চলত থকা এনআৰচিৰ সেৱা কেন্দ্ৰত।