newsnextone.com । বিলাসীপাৰাঃ পাকিস্তানৰ নৱনিযুক্ত প্রধানমন্ত্রী ইমৰাণ খানৰ নৱ গঠিত চৰকাৰৰ শপত গ্রহণ অনুষ্ঠানত পাকিস্তান আৰ্মীৰ মূখ্য সেনাধ্যক্ষৰ সৈতে আলিংগন কৰা কাণ্ডই ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা পাঞ্জাৱৰ কংগ্ৰেছ মন্ত্ৰী নৱজোত্ সিং সিদ্ধু সমগ্ৰ দেশজুৰি বিতৰ্কৰ আওতাত সোমাই পৰিছে। 

দেশৰ কেইবাটাও দল সংগঠনৰ লগতে বিৰোধী দল বিজেপিয়ে সিদ্ধুৰ এনে কাণ্ডৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে ভাৰতবাসীক লজ্জানত কৰা বুলি দাবী কৰি ঠায়ে ঠায়ে প্ৰতিবাদ সাব্য়স্ত কৰা পৰিলক্ষিত হৈছে।

সিদ্ধুক দেশদ্ৰোহী আখ্য়া দি ৰাজ্য়ৰো বিভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্য়স্ত কৰা দেখা গৈছে । শুকুৰবাৰে সন্ধিয়া ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী পূৱ জিলা আৰু বিলাসীপাৰা টাউন মণ্ডলৰ উদ্যোগত ৰাজ্যিক নিৰ্দেশ মৰ্মে বিলাসীপাৰা গান্ধী চকত নৱজিত্ সিং সিদ্ধুৰ প্ৰতিমুৰ্ত্তি  দাহ কৰি প্রতিবাদ সাব্যস্ত কৰা হয়।