newsnextone.com । বিহালীঃ অসমৰ চাহ শ্ৰমিক সকলক বৰ্তমান আইন সন্মত ৩৫১.৩৩ টকা মজুৰি প্ৰদানৰ দাবীত আজি চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচীৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ,বিহালী আৰু গহপুৰত চাহ বাগিছা সমুহত সৰ্বাত্মক প্ৰভাৱ পৰে ।

বিহালীৰ মোনাবাৰী,মিজিকাজান,কলাপানী,বৰগাওঁ,বৰগাং,ৰঙাগড়া,বৰাজুলীকে ধৰি ১৬ খন চাহ বাগিছাত দিনটোত শ্ৰমিক সকলে অসযোগ কৰাত কলঘৰ সমূহৰ কাম কাজ সম্পূৰ্ণ বন্ধ থাকে ।কিছুমান বাগিছাত মেনেজমেন্ট আৰু অসম চাহ মজদুৰ সংঘই শ্ৰমিক সকলক পুৱা কাম কৰাবৰ বাবে চেষ্টা চলাইছিল যদিও চাহ শ্ৰমিক সকলৰ আকোৰগোজ স্থিতিত  সফল হব  নোৱাৰিলে।

ইফালে বৰগাং চাহ বাগিছাত পুৱা শ্ৰমিক সকলে ধৰ্মঘটলৈ সমৰ্থন জনাই কৰ্মত যোগদান নকৰাত বাগিছাৰ পৰিচালকে কাৰ্যালয়লৈ শ্ৰমিক সকলক মাতি নি কাম কৰিবলৈ হুকুম দিয়ে । শ্ৰমিক সকলে বিপ্লৱী যুৱ সন্থা আৰু অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কৰ্মী সকলক মাতি নিয়ে ।

শেষত বাগিছাৰ পৰিচালকৰ সৈতে আন্দোলনকাৰী সকলৰ বহু বাকবিতণ্ডাৰ অন্তত পৰিচালক গৰাকীয়ে সেও মানিবলৈ বাধ্য হয় । পিছত শ্ৰমিক সকলে বাগিছাৰ খেলপথাৰত সংঘবদ্ধহৈ প্ৰতিবাদী সভা অনুষ্ঠিত কৰে । অসম চাহ মজদুৰ সংঘই শ্ৰমিক সকলক বলপূৰ্বক কাম কৰাবলৈ চেষ্টা কৰিছিল যদিও বিহালীৰ বাগিছা সমূহত নিয়োজিত ২২ হাজাৰ শ্ৰমিকৰ ভিতৰত প্ৰায় ১৮ হাজাৰ শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী পালন কৰি কৰ্মৰ পৰা বিৰত থাকে ।

উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে চৰকাৰ গঠন কৰিলে ভাৰতৰ আন আন ৰাজ্যৰ সমাহাৰত অসমৰ চাহ শ্ৰমিক সকলক মজুৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দি  শ্ৰমিক সকলৰ ভোট আদায় কৰিছিল । কিন্তু চৰকাৰ গঠনৰ ৩টা বচৰৰ অন্তত শ্ৰমিকৰ দৰমহা মাত্র ৩০ টকাহে বৃদ্ধিৰ জাননী জাৰি কৰি চাহ শ্ৰমিক সকলক চৰমভাৱে প্ৰতাৰনা কৰিলে ।

চাহ শ্ৰমিক মজুৰি উপদেষ্টা বোৰ্ডে নিৰ্দ্ধাৰণ কৰা বৰ্তমান সময়ৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকা দিয়া হব বুলি অসম চৰকাৰৰ শ্ৰম আয়ুক্তই মজুৰি উপদেষ্টা বোৰ্ডৰ বৈঠকত ঘোষনা কৰিছিল । কিন্তু চৰকাৰে এই ঘোষনা কাৰ্যকৰী কৰিবলৈ সদিচ্ছা প্ৰকাশ নকৰিলে ।

গতিকে বিজেপি চৰকাৰে চাহ শ্ৰমিক সকলক আভুৱা ভৰা কাৰ্য বন্ধ কৰা,চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি কৰি চৰকাৰে অধিসূচনা জাৰি কৰা আৰু শ্ৰম মন্ত্রী পল্লৱলোচন দাসৰ পদত্যাগৰ দাবী জনায় আজিৰ এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ।