newsnextone.com | খেৰণিঃ একবিংশ শতিকতো দেশত অন্ত পৰা নাই অন্ধবিশ্বাসৰ। এগৰাকী পিতৃৰ 'প্ৰাণবায়ু’ ঘুৰাই আনিবলৈ অসহায় পৰিয়ালে অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা শেহতীয়া এক ঘটনাই খলকনি লগাইছে কাৰ্বি আংলঙত। মানুহৰ মৃত্যু হোৱাৰ পিছতোঁ এগৰাকী লোকক জীয়াই তুলিবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে।

এখন সমাজৰ মানুহে বিশ্বাস কৰিছে মানুহজন জীয়াই উঠিব। অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে প্ৰচাৰ চলাই অহাৰ সময়তে এগৰাকী বিজেপি নেতাক মৃত্যুৰ প্ৰায় ১৮ ঘণ্টাৰ পিছতোঁ জীয়াই তুলিবলৈ ব্যৰ্থ চেষ্টা কৰাৰ ঘটনাই সকলোকে আঁচৰিত কৰিছে।

পশ্চিম কাৰ্বি আংলঙৰ ডিখেলেমপুৰ গাঁৱৰ সৰ্পদংশনত মৃত্যু হোৱা স্থানীয় বিজেপি নেতা এগৰাকীক তান্ত্ৰিকৰ দ্বাৰা তন্ত্ৰ-মন্ত্ৰ কৰি কৰি জীয়াই তুলিবলৈ চেষ্টা কৰে ৰাইজ তথা পৰিয়ালে। চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ ১৮ ঘণ্টাৰ পিছতোঁ কবিৰাজৰ জৰাফুঁকা চলি আছে। পৰিয়ালৰ মতে অচেতন অৱস্থাতহে পৰি আছে লোকজন। কবিৰাজৰ জৰাফুঁকা চাবলৈ মানুহৰ হেতা ওপৰা লাগে।

এই ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙৰ খেৰণিৰ দয়াংমুখ অঞ্চলৰ ডিখেলেমপুৰ গাঁৱত। সৰ্পদংশনত মৃত্যু হৈছিল পশ্চিম কাৰ্বি আংলঙৰ দয়াংমুখ অঞ্চৰৰ ডিখেলেমপুৰ গাঁৱৰ প্ৰাক্তন গাওঁবুঢ়া তথা বিজেপিৰ তৃণমূল পৰ্যায়ৰ নেতা গুপেন্দ্ৰ বিশ্বাসৰ(৭০)।

জানিব পৰা মতে, গুপেন্দ্ৰ বিশ্বাসে ২৩ জুলাইৰ পুৱা প্ৰায় ৮ বজাত নিজৰ ঘৰখনৰ ওচৰত কাম কৰি থকা অৱস্থাত বিষাক্ত সাপে বাওঁহাতত দংশন কৰে। লগে লগেই হাতত এটা বান্ধ দি চিকিৎসাৰ বাবে লংকালৈ নিয়ে। চিকিৎসালয়লা নি থকাৰ অৱস্থাতে আদবাটতে এগৰাকী কবিৰাজ প্ৰত্যক্ষ কৰি জৰাফুঁকা কৰিবলৈ ধৰে গুপেন্দ্ৰ বিশ্বাসক।

তাৰ পিছত সৰ্পদংশনত আক্ৰান্ত লোকজনক সংকটমুক্ত বুলি কয় কবিৰাজে আৰু হাতৰ বান্ধটো খুলি দিয়ে। চিকিৎসালয়লৈ যোৱাৰ বিপৰীতে গুপেন্দ্ৰ বিশ্বাসেক ঘৰলৈ লৈ আহে পৰিয়ালটোৱে। 

দুপৰীয়া পুনৰ বিষ সক্ৰিয় হৈ উঠে আৰু সৰ্পদংশনত আহত হোৱা লোকজন অচেতন হৈ পৰে। তেতিয়া লগে লগেই চিকিৎসাৰ বাবে পুনৰ হোজাই হাম হস্পিতাললৈ লৈ যায় পৰিয়ালবৰ্গই। কিন্তু চিকিৎসকে মৃত্যু হোৱা বুলি জানিবলৈ দিয়া বুলি পৰিয়ালটোৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে।

চিকিৎসালয়ৰ পৰা ঘৰলৈ গুপেন্দ্ৰ বিশ্বাসৰ মৃতদেহ লৈ অহাৰ পিছৰে পৰা এজনৰ পাছত এজনকৈ কবিৰাজ মাতি জৰাফুঁকা কৰি আহিছে পৰিয়ালটোৱে। পৰিয়ালৰ মতে, কেৱল অচেতনহে হৈছে গুপেন্দ্ৰ বিশ্বাস। ভাল কবিৰাজ থাকিলে এতিয়াই সুস্থ কৰি তুলিব পাৰিব বুলি কয়। ইফালে কবিৰাজে কিদৰে জৰাফুঁকা কৰি সৰ্পদংশনত মৃত্যু হোৱা জনক জীয়াই তুলিব পাৰে সেই দৃশ্য চাবলৈ পুৱাৰে পৰা শ-শ লোকে প্ৰয়াত বিজেপি নেতাজনৰ চোতালত ভিৰ কৰে। কবিৰাজৰ চমৎকাৰ চাবলৈ বীৰ দি বাদ নোপোৱা অৱস্থা হৈছে এতিয়া ঘৰখনত।