newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে ১২ মে’ত অনুষ্ঠিত হৈ যোৱা কৰ্ণাটক বিধানসভাত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে৷ পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোট গণনাত ৮৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপি দলে৷ আনহাতে ৰাজ্যখনৰ শাসকীয় কংগ্ৰেছ দলে অগ্ৰগতি লাভ কৰিছে ৬৬ খন আসনত৷ ৰাজ্যখনৰ কিং মেকাৰৰ ভূমিকা অৱলমন্বন কৰা জনতা দল চেকুলাৰে অগ্ৰগতি লাভ কৰি আছে ৩৭ খন আসনত৷ 

আনহাতে এতিয়ালৈকে ফলাফল ঘোষণা হোৱা ২৯ খন আসনৰ ৭ খন আসনত কংগ্ৰেছে জয়লাভ কৰাৰ বিপৰীতে ৩ খন আসনত জয়লাভ কৰিছে জনতা দল চেকুলাৰ৷ ৰাজ্যখনৰ ভোট গণনা সম্পূৰ্ণ হোৱা আসন সমূহৰ ১৯ খন আসন বিজেপিয়ে দখন কৰি গেৰুৱাকৰণৰ দিশে আগবঢ়া পৰিলক্ষিত হৈছে৷ 

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ মুঠ ২২৪ খন আসনৰ ২২২ টা সমষ্টিৰ ভোট গ্ৰহণ সম্পূৰ্ণ হৈছিল ১২ মে’ত৷ মঙলবাৰে সম্পন্ন হৈ থকা ভোটগণনাত বিজেপিয়ে অধিক সংখ্যক আসনত অগ্ৰগতি লাভ কৰি আছে৷ ৰাজ্যখনৰ বিজেপি মুখ্যমন্ত্ৰীপদৰ পাৰ্থী য়েদেৰুপ্পাই নিজৰ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজেপিৰ সমূহ কৰ্মকৰ্তাই ফলাফল ঘোষণাৰ আগতেই উৎসৱ কৰি বিজেপিক ৰাজ্য শাসনলৈ আদৰি নিয়াৰ প্ৰস্তুতি চলাইছে৷