নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল৷ পিছপৰি থকা শাসকীয় বিজেপি দলেও৷ ৰাজ্যৰ প্ৰতি খন ঠাইত অনুষ্ঠিত কৰি গৈছে ইখনৰ পিছত সিখন সভা৷ শনিবাৰে নলবাৰীতো বি জে পিয়ে অনুষ্ঠিত কৰে এখন সভা৷ নলবাৰী বিধায়ক অশোক কুমাৰ শৰ্মাৰ সমষ্টিত পঞ্চায়ত নিৰ্বাচনক লৈ শাসকীয় দলটোৱে আৰম্ভ কৰিছে কুচকাৱাজ।

প্ৰতিদিনে মণ্ডল অথবা পঞ্চায়তে পঞ্চায়তে আৰম্ভ কৰিছে সাংগঠনিক তথা যোগদান সভা। শনিবাৰে নলবাৰী চহৰত পূৱ নলবাৰী মণ্ডলৰ অন্তৰ্গত ৪নং খাতা গাওঁ পঞ্চায়ত অনুষ্ঠিত হয় এখন সাংগঠনিক সভা।

স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাৰ লগতে বি জে পিৰ ৰাজ্যিক নেতা ফনিন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সম্পাদক তথা একালৰ ছাত্ৰ নেতা অমিয় ভূঞাৰ লগতে ভালেকেইজন দলটোৰ নেতা উপস্থিত থাকে। ফনিন্দ্ৰ নাথ শৰ্মাই কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক কটাক্ষ কৰি উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ৰাহুল গান্ধীৰ সমষ্টি আমেঠিত  কংগ্ৰেছে মুখ থেকেচা খোৱা বুলি কয়।