Image from Facebook
Image from Facebook

ডিব্ৰুগড়ঃ ছ’চিয়েল মিডিয়াযোগে এতিয়া সকলোৱে নিজৰ নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপ আদিৰে মানুহে নিজৰ মনৰ কথা প্ৰকাশ কৰি আহিছে৷ সাধাৰণ মানুহৰ পৰা চেলিব্ৰেটীলৈ, ৰাজনেতাৰ পৰা সমাজকৰ্মীলৈ সকলোৱে এতিয়া ফেচবুক ব্যৱহাৰ কৰে৷ ফেচবুকত নিজৰ মনৰ কথা কোৱাৰ লগতে চৰকাৰৰ জনবিৰেধী নীতিৰ বিৰুদ্ধে বহু লোকে মত প্ৰকাশ কৰি আহিছে। 

নিৰ্বাচনৰ সময়তো ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰচাৰতো ফেচবুকক ব্যৱহাৰ কৰিছে৷ ৰাজনৈতিক দলৰ সমৰ্থকসকলেও ফেচবুকত দলৰ নীতি আদৰ্শ লক্ষ্যৰ কথা প্ৰচাৰ চলাই ভোটাৰক আকৰ্ষণ কৰা দেখা যায়। চৰকাৰৰ জনবিৰোধী কৰ্ম-কাণ্ডৰ বিৰুদ্ধে জনমত গঢ়াত যেন সবল ভূমিকা পালন কৰিছে ছ’চিয়েল মিডিয়াই৷ 

চলিত বছৰটোত দেখা গৈছিল ফেচবুকত প্ৰকাশ পোৱা কেইবাটাও ঘটনাই ৰাজ্য তথা দেশত আলোড়নৰ সৃষ্টি কৰিছিল৷ তেজ বাহাদুৰ নামৰ বি এছ এফৰ জোৱানে এগৰাকীয়ে ’ফেচবুক লাইভ’ কৰি তেওঁলোকক দিয়া খাদ্যৰ প্ৰকৃত ছবিখন ৰাজহুৱা কৰি দেশত তোলপাৰ লগাইছিল৷ স্বয়ং কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিব লগা হৈছিল বি এছ এফ জোৱানজনৰ অভিযোগক৷ 

আনহাতে ৰাজ্যত তোলপাৰ লগাইছিল এগৰাকী যোৰহাটৰ যুৱতীৰ এটি ফেচবুক পোষ্টে৷ যুৱতীগৰাকীয়ে যৌন নিৰ্যাতনৰ সন্মুখীন হৈ অহাৰ কথা মুকলিকৈ ফেচবুকত লিখি তোলপাৰ লগাইছিল৷ হোজাইৰ যমুনামুখৰ এগৰাকী শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি হত্যা কৰি নদীত পেলাইছিল৷ ফেচবুক আৰু হোৱাটছএপ যোগে প্ৰচাৰ আৰম্ভ কৰি ৰাজ্যজুৰি হত্যাকাণ্ডৰ ন্যায় বিচাৰি হাতত মম জ্বলাই ৰাজ পথলৈ ওলাই আহিছিল ৰাজ্যবাসী৷ এয়া কেইটামান উদাহৰণ হে মাত্ৰ৷ 

জনমত গঠনত বিশেষ ভূমিকা পালন কৰি অহা ছ’চিয়েল মিডিয়াত যোৱা কেইবাদিন ধৰি হৈ-চৈ হৈ আছে বানপীড়িতক সাহায্য দিয়াত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে পেকেজ নিদিয়াক লৈ৷ গুজৰাটৰ বানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫০০ কোটি দিয়াৰ পাছতে ফেচবুকত আৰম্ভ হয় চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়াৰ অভিযান৷ 

একাংশ যুৱকে শাসনত থকা দলক তীব্ৰ সমালোচনা কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে বহু পলমকৈ অসমৰ বান চাবলৈ অহাত ক’লা দিৱস পালন কৰাৰ বাবে প্ৰচাৰ চলায়৷ এটি ফেচবুক পোষ্টযোগে চলোৱা হয় এই অভিযান। ‘দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বানপানী পৰ্য্যবেক্ষণ কৰিবলৈ অসমলৈ আহিব। বানপানী শুকাই মাটি ফাট মেলাৰ পিছত প্ৰধানমন্ত্ৰী জনে অসমত বানপানী চাবলৈ অহাৰ বাবে আৰু প্ৰধানমন্ত্ৰীৰ গৃহ ৰাজ্যত ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰি অসমক যি মাহী আইৰ চকুৰে চালে এই সমস্ত কাৰ্যৰ প্ৰতিবাদত জাতীয়তাবাদী আদৰ্শৰ যুৱক আদিত্য অসমৰ অনুৰোধত অহা ১ আগষ্টত ক'লা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত লৈছে। সেইদিনা প্ৰতিজন জাতীয়তাবাদী অসমীয়াক ক’লা দিৱস পালন কৰিবলৈ আহ্বান জনোৱা হ’ল।’ পোষ্টটোত এইদৰে জনোৱা হয় এই আহ্বান।

যোৱা চাৰি দিন ধৰি এই পোষ্ট ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছএপযোগে প্ৰচাৰ হোৱাৰ পাছৰে পৰা বিভিন্ন ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত, প্ৰফাইলত, কভাৰত ক’লা ইমেজ ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰীয়ে পলমকৈ বানৰ খবৰ ল’বলৈ অহা কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰে।