প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ বোকাজানৰ ঐতিহ্যমণ্ডিত অগ্ৰণী শিক্ষানুষ্ঠান বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, বিধানসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত দীৰ্ঘ বছৰৰপৰা প্ৰত্যেকবাৰেই ষ্ট্ৰং ৰূম হিচাপে ব্যৱহাৰ কৰি অহাৰ ফলত এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল শিক্ষাগ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈ আহিছে৷

কিয়নো নিৰ্বাচনৰ ভোটগ্ৰহণৰ ইভিএমসমূহ ৰাখিবৰ বাবে ষ্ট্ৰং ৰূম হিচাপে ব্যৱহাৰ কৰাত উক্ত বিদ্যালয়খন প্ৰায় দুই মাহ দিন বন্ধ হৈ থাকে আৰু শিক্ষাগ্ৰহণৰপৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ আহিছে৷ 

এইবাৰ লোকসভা নিৰ্বাচনটো বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ষ্ট্ৰং ৰূম হিচাপে ব্যৱহাৰ কৰিছে আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা নকৰাৰ পৰ্যন্ত প্ৰায় দুমাহ দিন বিদ্যালয়খন বন্ধ থাকিব৷ এই নিৰ্বাচনৰ বাবে দুমাহ দিন বন্ধৰ পাছতে জুন মাহটোত বিদ্যালয়খনৰ পাঠদান আৰম্ভ হ’ব যদিও পুনৰ জুলাই মাহত গৰম বন্ধৰ দিন ঘোষণা হ’ব৷

ইপিনে চৰকাৰীভাৱে ঘোষণা কৰা বন্ধসমূহ আছেই৷ যাৰ ফলত এই বিদ্যালয়খনৰ শিক্ষাৰ মান দিনক দিনে নিম্নগামী হৈ গৈ আছে৷ পূৰ্বৰ সফলতাৰ ধাৰাবাহিকতা ৰক্ষা কৰাত আজি সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন৷

লক্ষণীয় কথা হ’ল যে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন হৈছে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ এটা কেন্দ্ৰ৷ এই কেন্দ্ৰৰ অধীনত কেইবাখনো বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিয়ে৷

আজি উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষিত হ’ল যদিও বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই কেন্দ্ৰৰ পৰীক্ষাৰ ফলাফলসমূহ বিদ্যালয়ৰ পৰিৱৰ্তে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰাহে দিবলগীয়া হৈছে৷ 

কাৰণ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বৰ্তমান ষ্ট্ৰং ৰূম হিচাপে ব্যৱহৃত কৰি ৰখা হৈছে৷ যাৰফলত আজি এই কেন্দ্ৰটোৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে ফলাফল গ্ৰহণ, মাৰ্কশ্বিট সংগ্ৰহ আদিৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভূগিবলগীয়া হৈছে৷ এতিয়া বোকাজানৰ সচেতন ব্যক্তিসকলৰ মাজত এটাই প্ৰশ্ন চৰকাৰ তথা প্ৰশাসনে কিয় হেতালি খেলিছে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত জীৱনক লৈ? 

নিৰ্বাচনৰ নামত দুই মাহ দিন শিক্ষাগ্ৰহণৰপৰা বঞ্চিত হোৱা উক্ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই ক্ষতি কোনে পূৰণ কৰিব?