newsnextone.com।তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী দৰঙামেলা স্থিত পাগলা বাবা শিৱ মন্দিৰত মাহযোৰা বোল বোম উৎসৱৰ সোমবাৰে সামৰণি পৰে। সোমবাৰে পুৱাৰে পৰা প্ৰায় ৩০ হাজাৰ ভক্তৰ সমাগমেৰে জনসমুদ্ৰত পৰিণত হয় দৰঙামেলা পাগলা বাবা শিৱ মন্দিৰৰ চৌহদ। প্ৰতিবছৰে শাওণ মাহত মাহযোৰা পালন কৰা হয় বোল বোম শাওন উৎসৱ।

জানিব পৰা মতে উক্ত ঠাই খিনিত এজন পগলা বাবা নামৰ এগৰাকী পূজাৰী আছিল আৰু এই ঠাই খিনিতে তেওঁক সমাধিস্থ কৰা হৈছিল। সেয়েহে এই মন্দিৰটোৰ নাম পগলা বাবাৰ নামেৰে নামাকৰণ কৰে স্থানীয় লোকসকলে। প্ৰথম কেইবছৰমান স্থানীয় লোক সকলে শিৱৰাত্ৰী পূজা কৰিছিল যদিও বৰ্তমানে মন্দিৰ নিৰ্মাণ সমিতিয়ে বোল বোম উৎসৱ হিচাপে যোৱা ছয় বছৰ ধৰি কৰিবলৈ লৈছে।

বোল বোম উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ  গুৱাহাটী, ৰঙিয়া, ভোলাঝাৰ, নাগ্ৰীজুলি, তামুলপুৰ, কুমাৰীকাটা, কাউলী, পাহাৰপুৰ, পাটকীজুলি, খৈৰাণী, নয়াবস্তী, নিকাছী, সুৱনকাটা, লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰাও ভক্তসকলৰ সমাগম ঘটা পৰিলক্ষিত হয়।