ডিব্ৰুগড়ঃ "অসমীয়া সাহিত্যৰ আটাইতকৈ শক্তিশালী ধাৰাটোৱে হৈছে চুটি গল্পৰ ধাৰা। গল্পই  অসমীয়া সাহিত্যৰ ভঁৰালটো বহু চহকী কৰিছে। অসমীয়া গল্প ভাৰতৰ  অন্যান্য ভাষাৰ গল্পৰ তুলনাত কোনো গুণে কম নহয়। নিম্ন মানৰ নহয়।" বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ দিলীপ বৰাৰ "শ্বিলঙৰে মনালিচা" গল্প সংকলনখন আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত উন্মোচন কৰি  এই মন্তব্য কৰে বিশিষ্ট সাহিত্য সমালোচক ড° আনন্দ বৰমুদৈয়ে।

বৰ্তমান তৰুণ গল্পকাৰসকলে কথনৰীতিৰ ওপৰত বহু পৰীক্ষা-নিৰীক্ষা কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি দিলীপ বৰাৰ গল্প সন্দৰ্ভত কয় যে "বৰাৰ গল্পত স্বকীয়তা আছে। তেওঁ প্ৰচুৰ তথ্য আহৰণ কৰা পৰিলক্ষিত হয়। বহু গল্পত তেওঁ অতি নিখুঁতভাবে  এটা ভাৱৰ পৰিমণ্ডল সৃষ্টি কৰি লয়। নাটকীয় পৰিৱেশ সৃষ্টি, ভাষাৰ ওপৰত সাংঘাটিক দখল থকা কথাটো তেওঁৰ গল্পত ধৰা পৰে। কিছুমান গল্পত একক আৰু অদিতীয় চাপ বহুৱাবলৈ তেওঁ সক্ষম হৈছে।"

ইয়াৰ উপৰি দিলীপ বৰাৰ  "শ্বিলঙৰে মনালিচা",  "হৰ্ষ-বিষাদ", "সৰস্বতী বাগ্ধ্বনি" আদি বহু কেইটা গল্প অতি শক্তিশালী আৰু  স্মৰণীয় হৈ ৰ'ব বুলিও ব্যক্ত কৰে ড° আনন্দ বৰমুদৈয়ে।

কৌস্তুভমণি নাথে  আঁত ধৰা অনুষ্ঠানটোত দিলীপ বৰাই ভাষণ প্ৰদান কৰি অসমত আগতকৈ পাঠক কমিছে বুলি উদিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয়, "অসমীয়া ভাষালৈ বিপদ আহি আছে। উজনি আৰু উত্তৰ অসমৰ পাঁচখনমান জিলাতে অসমীয়া গ্ৰন্থৰ পাঠক বেছি। মই লিখক হিচাপে নিজকে নকও। এটা উদেশ্য লৈ লিখো। যিবোৰ কথা আৰক্ষী হিচাপে ক'ব পৰা নাছিলো বা ক'ব নোৱাৰিছিলো সেইবিলাক গল্প -উপন্যাসৰ মাজেৰে ক'বলৈ চেষ্টা কৰো।"

অনুষ্ঠানৰ আৰম্ভণিতে উক্ত গল্প সংকলনখনৰ প্ৰকাশন গোষ্ঠী "নক্সা"ৰহৈ  আদৰণি ভাষণ প্ৰদান কৰে নৱ কুমাৰ চমুৱাই। ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি দুৰ্লভ চেতিয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা উক্ত অনুষ্ঠানতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ তৰফৰ পৰা  ড° আনন্দ বৰমুদৈ আৰু  দিলীপ বৰাক  সম্বৰ্ধনা জনোৱা হয়।