ৰাখী বন্ধন হৈছে এক পবিত্ৰতাৰ বান্ধোন 

newsnextone.com || হাটশিঙিমাৰিঃ ৰাখী বন্ধন হৈছে এক পবিত্ৰতাৰ বান্ধোন আৰু এই পবিত্ৰতাৰ বান্ধোন সুদৃঢ় কৰাৰ মানসেৰে আজি সমগ্ৰ দেশৰ লগতে অসমৰ ভাৰত-বাংলা সীমান্তৰ দক্ষিন শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ সাহাপাৰাস্থিত বিএছএফ কেম্পতো সীমান্তত কৰ্মৰত জোৱান আৰু বিষয়াক মানকাচৰ সীমান্ত চেতনা মঞ্চৰ উদ্যোগত ছাত্ৰী আৰু কৰ্মকৰ্তাসকলে ৰাখী বন্ধন কাৰ্যসূচী পালন কৰে ।

এই পবিত্ৰ ৰাখী বন্ধনৰ দিনটোত সীমান্ত চেতনা মঞ্চৰ দ্বাৰা ছাত্ৰী, যুৱতী আৰু মহিলাক লগত লৈ গৈ জোৱান সকলক ৰাখী পিন্ধাই ভাই ভনীৰ সমন্ধ সুদৃঢ় কৰা পৰিলক্ষিত হয় ৷

মানকাচৰৰ সাহাপাৰাস্থিত কেম্পত দেওবাৰে পুৱা ১১বজাত উপস্থিত হৈ প্ৰতিগৰাকী ছাত্ৰী, যুৱতী তথা মহিলাই শাৰী পাতি জোৱান আৰু বিষয়াসকলক পবিত্ৰ ৰাখী পিন্ধায়৷

ইয়াৰ পিছতেই  কেম্পত উপস্থিত থকা সেনা জোৱান সকলে মিঠাই বিতৰণ কৰাৰ লগতে উপহাৰ আদি প্ৰদান কৰা পৰিলক্ষিত হয়।