গুৱাহাটীঃ বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ৩৮ ঘণ্টাৰ ভিতৰত ১১টাকৈ নৱজাতক শিশুৰ মৃত্যু হোৱা ঘটনাক উদ্বেগ প্ৰকাশ কৰে অসম ৰাজ্যিক এছ এফ আইয়ে৷ সংগঠনটোৱে স্বাস্থ্য বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰি স্বাস্থ্য বিভাগৰ উন্নয়নৰ যিখন ছবি অসমবাসীৰ আগত দেখুৱাই থকা হয়, তাৰ বিপৰীত তথা প্ৰকৃত স্বৰূপটো এই ঘটনাৰ মাজেৰে পোহৰলৈ আহিছে।

চিকিৎসা মহাবিদ্যালয়ত এশৰো ওপৰত পদ খালী হৈ থকা, বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত চিকিৎসক নথকাৰ বিষয়ে স্বাস্থ্য বিভাগ অৱগত হৈয়ো কোনো সময়োপযোগী ব্যৱস্থা নোলোৱাত এনে ঘটনা ঘটিল বুলি কয় সংগঠনটোৱে৷ ইমানে নহয় পদ খালী হৈ থকা, বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত চিকিৎসক নথকাৰ বাবে দৈনিক দুজনকৈ নৱজাতকৰ মৃত্যু হোৱাৰ লগতে চলিত বৰ্ষত ২৮ গৰাকী প্ৰসূতিৰ মৃত্যু হৈছে বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

এনে হৃদয়বিদাৰক ঘটনাক স্বাস্থ্যমন্ত্ৰীয়ে "এয়া কাকতলীয় ঘটনা, শিশুৰ মৃত্যুৰ সময় ভগৱানেহে নিৰ্ধাৰণ কৰে" বুলি টুলুঙা মন্তব্য আগবঢ়াইছে সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি কয় সংগঠনটোৱে। অসমবাসীৰ ওচৰত এই কথা স্পষ্ট যে এই ঘটনা কোনো কাকতলীয় ঘটনা নহয়। চূড়ান্ত অৱহেলাৰ ফলত মূৰৰ পৰা গেলিছে স্বাস্থ্য বিভাগ।

কেৱল চমক সৃষ্টি কৰিবলৈ স্থাপন কৰা হ'ল চিকিৎসা মহাবিদ্যালয়সমূহ। আন্তঃগাঁঠনিৰ দিশৰ পৰা এই মহাবিদ্যালয়সমূহ ইমানেই দুৰ্বল যে তাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে শংকাত ভোগে, কিজানি এম, চি, আই,য়ে দুৰ্বল আন্তঃগাঁঠনিৰ বাবে স্বীকৃতি বাতিল কৰে। এছ এফ আই অসম ৰাজ্যিক কমিটিয়ে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ কৰাৰ দাবী জনায়৷ চমক সৃষ্টিৰ পৰিৱৰ্তে সামগ্ৰিকভাৱে স্বাস্থ্য বিভাগৰ উন্নতিৰ স্বাৰ্থত মনোনিৱেশ কৰিবলৈ স্বাস্থ্যমন্ত্ৰীক সকীয়াই দিয়ে সংগঠনটোৱে।