বৰপেটাৰোডঃ নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটা ৰোডৰ দিলীপ চিনেমা হলৰ সন্মুখৰ থকা মা মেডিকেল নামৰ এখন ফাৰ্মাচিৰপৰা এজন ভুৱা আয়ুৰ্বেদিক চিকিৎসকসহ তিনি গৰাকী মহিলা দালালক আটক কৰিবলৈ সক্ষম হয় বৰপেটাৰোড আৰক্ষীয়ে।

জানিব পৰা মতে বঙাইগাঁওৰ পাতিলাদহৰপৰা মঙলবাৰে এগৰাকী ৰোগীক চিকিৎসা কৰাবৰ বাবে আহিছিল। কিন্তু শিমলাগুৰিত থকা দালালে ৰোগীজনক মা মেডিকেল সু-চিকিৎসাৰ প্ৰলোভন দি মা মেডিকেলৰ ডঃ আহিদুল ইছলাম নামৰ এজন চিকিৎসকৰ কাষ চাপিছিল।

পিছত ৰোগী গৰাকীক আহিদুলে চিকিৎসা কৰাৰ পিছত প্ৰায় ৩৬ শ টকাৰ মূল্যৰ ঔষধ ক্ৰয় বাবে এখন প্ৰেছক্ৰিপছন দিছিল। ৰোগী গৰাকীৰ লগত অহা আত্মীয় লোকে মোবাইল ওৱাটছ এপ (whatsapp) যোগে তেওঁলোকৰ চিনাকি অন্য এজন চিকিৎসকক প্ৰেছক্ৰিপছনখন দিয়াৰ ফলত জানিব পাৰে ডাঃ আহিদুল ইছলাম এজন ভুৱা, লম্পট চিকিৎসক সেয়া প্ৰমাণ হৈ পৰে। 

লগে লগে আৰক্ষীক খবৰ দিয়াত বৰপেটাৰোড আৰক্ষীৰ এটা দলে মা মেডিকেলৰপৰা ভুৱা চিকিৎসা আহিদুলৰ লগতে মেডিকেলখনৰ ৩ গৰাকী মহিলা কৰ্মী ক্ৰমে অঞ্জলি বৰুৱা, ৰেখা দাস, কহিনুৰ খাতুনক আটক কৰি থানা লৈ আনে। বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে ভুৱা চিকিৎসক  আহিদুলসহ ৩ গৰাকী দালালক সোধা পোছা কৰিছ। 
  
উল্লেখযোগ্য যে, এনে দৰে ভুৱা চিকিৎসকে কেনেদৰে চহৰখনত চিকিৎসা কৰি দপদপাই আছে। তাক লৈ স্বাস্থ্য বিভাগৰ ওপৰত ৰহস্যৰ সৃষ্টি ঘনীভূত হৈছে বৰপেটাৰোড চহৰৰ ৰাইজৰ মাজত।