newsnextone.com | বোকাজানঃ বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে সোমবাৰে পুৱাৰে অসম বন্ধৰ আহ্বান জনাইছে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিৰ বিৰুদ্ধে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ সমগ্ৰ ৰাজ্যৰে ঠায়ে ঠায়ে পৰা পৰিলক্ষিত হৈছে। কাৰ্বি আংলং জিলাতোঁ বন্ধৰ ব্যাপক প্ৰভাৱ পৰে।

অসম বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাতো পৰা পৰিলক্ষিত হয়। বন্ধ সমৰ্থনকাৰীয়ে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন ঠাইত ব্যৱসায় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল কৰা বন্ধ থকা দেখা যায়।

উল্লেখ্যযে, যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷  

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাতো পৰে। পুৱাই আটাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ একাংশ সদস্যই ৰাজপথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই জনজাতিকৰণৰ দাবী জনায়। বোকাজান মহকুমাৰ চিচিআই, হাতিগড়, খটখটি আদি স্থানত জনজাতিকৰণৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ হুঁচিয়াৰ, নৰেন্দ্ৰ মোডী গ' বেক আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷