তেজপুৰঃ শোণিতপুৰ জিলাৰ তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ নিজ ভাতৃক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে৷ তেজপুৰৰ গৰৈমাৰীত দেওবাৰে নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা৷ 

জানিব পৰা মতে, গৰৈমাৰীস্থিত SSB কেম্পত গুৱাহাটীৰ পৰা শ্ৰমিক হিচাপে কাম কৰিব আহি চাকিল, তেওঁৰ ককায়েক চলমান আৰু আন কেইবাজনো শ্ৰমিকে গৰৈমাৰীৰ অাহোমগাঁৱত এটা অস্থায়ী কেম্পত বাহৰ পাতি অাছিল৷ নিশা কিবা কথাত দুই ভাতৃৰ মাজত মতানৈক্য ঘটাত চলমান আলিয়ে ভাতৃ চাকিল আলিক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে৷ 

আনহাতে নিজ ভাতৃক হত্যা কৰি হত্যাকাৰী চলমান আলিয়ে পলায়ন কৰে৷ ইতিমধ্যে শালনিবাৰী অাৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ তদন্ত অাৰম্ভ কৰিছে।