কোকৰাঝাৰঃ বিটিএডি বিধান পৰিষদীয় ভৱনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিএডি গ্ৰীষ্মকালীন অধিৱেশন৷

বিধান পৰিষদীয়ৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ পৌৰহিত্যত আৰম্ভ হোৱা আজিৰ প্ৰথম দিনা অধিৱেশনত বিটিচিৰ উপ মূখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে বিটিচি শিক্ষা(শিক্ষকৰ সেৱা প্ৰাদেশীকৰণ আৰু শিক্ষানুষ্ঠান নতুনকৈ সংগঠন) নামৰ বিধেয়ক ২০১৭ এখন উত্থাপন কৰে৷

অৱশ্যে বিটিচি শিক্ষা বিধেয়কখন কাইলৈ সদনৰ মজিয়াত বিস্তাৰিত চৰ্চাৰে সৰ্বসন্মতিক্ৰমে গৃহীত হোৱাৰ সম্ভাৱনা আছে ৷

ইফালে আজি প্ৰথম দিনা সদনৰ মজিয়াত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চি এ জি আইৰ প্ৰতিবেদন ২০০৮-০৯ ৰ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষৰ উপস্থাপন কৰাৰ লগতে শূন্যকালীন প্ৰশ্নোত্তৰত এমচিএলএ ঘনশ্যাম দাসে বিটিএডিত জনজাতি ব্লেট আৰু ব্লকত বেদখলকাৰীৰ তথ্য বিচাৰে ৰাজহ আৰু ভূমি বিভাগৰ দায়িত্বৰত ই এম অলিন্দ্ৰ মুছাহাৰীক৷

একেদৰে পৰিষদৰ বিৰোধী দলৰ দলপতি ৰৌনগৌড়া নাৰ্জাৰীয়ে বিটিএডিৰ জলসিঞ্চন বিভাগ আৰু নগৰ উন্নয়নৰ খতিয়ানৰ উত্তৰ বিচাৰে সংশ্লিষ্ট বিভাগৰ ই এমক৷

আনহাতে আজিৰ সদনত এমচিএল এ জিৰন বসুমতাৰী,গুনেশ্বৰ গয়াৰী,চক্ৰধৰ দাস আৰু মাউথি ব্ৰক্ষ হাজোৱাৰীয়ে শূন্যকালীন প্ৰশ্নত্তোৰত শাসকীয় পৰিষদীয়ৰ ইএমক বিভিন্ন দিশত খতিয়ান বিচাৰে৷