কোকৰাঝাৰঃ সদৌ বিটিএডি অপ্ৰাদেশীকৃত জুনিয়ৰ কলেজ সন্থাৰ সভানেত্ৰী বিভাৰাণী নাৰ্জাৰীক ব্যক্তিগত স্বাৰ্থত সংগঠনৰ পৰিপন্থী  কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত সংগঠনৰ পৰা বহিস্কৃত কৰা হৈছে৷

আজি এক বিবৃতিযোগে সদৌ বিটিএডি অপ্ৰাদেশীকৃত জুনিয়ৰ কলেজ সন্থাৰ সম্পাদক ইন্দ্ৰ বসুমতাৰীয়ে জনোৱা মতে কালি দেৱৰগাঁৱত সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল৷ সাধাৰণ সভাখনত সন্থাৰ সভানেত্ৰীগৰাকীয়ে চলোৱা সংগঠন বিৰোধী কাৰ্যকলাপৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰি সৰ্বসন্মতি ক্ৰমে বহিস্কাৰ কৰা হয়৷

উল্লেখ্য যে, সোনেশ্বৰ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সাধাৰণ সভাত সদৌ বিটিএডি অপ্ৰাদেশীকৃত জুনিয়ৰ কলেজ সন্থাৰ পূৰ্বৰ সমিতিখন ভংগ কৰি নতুনকৈ এখন সমিতিও গঠন কৰা হয়৷

উক্ত নতুন সমিতিখনত সভাপতি হিচাপে সোণেশ্বৰ নাৰ্জাৰী, উপসভাপতি হিচাপে ক্ৰমে তপন কুমাৰ ভৌমিক আৰু সুৰজিৎ ব্ৰহ্ম, সম্পাদক হিচাপে  ইন্দ্ৰ বসুমতাৰী আৰু সহকাৰী সম্পাদক হিচাপে মেহং বসুমতাৰীকলৈ সৰ্বমুঠ ১৫ জনীয়া কাৰ্যকৰী সমিতিখন গঠন কৰা হয়৷