newsnextone.com | তামুলপুৰঃ আমি খিলঞ্জীয়া মানুহ, সোণোৱাল মহাশয় আমাক ইয়াতে থাকিব দিয়ক৷ যদি বাংলাদেশী আছে আপোনালোকে খেদক উঠাই দিয়ক আমাৰ ক’ব লগা নাই৷ আমি ভোট দি আপোনালোকক চৰকাৰ বনাই দিছোঁ৷ কিন্তু আপোনালোকে আমাক শাস্তি দিছে৷ আমাৰ ল’ৰা-ছোৱালী পৰীক্ষা দিব নাপালে৷ আমাৰ ঘৰ ভাঙি দিলে৷ কেইটামান মাহৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াৰ আমচাং অভয়াৰণ্যৰত থলুৱাই এনেদেৰ চিৎকাৰ কৰিছিল৷

শ-শ থলুৱাৰ এনে চিৎকাৰ নুশুনিলে অহংকাৰী মানুহেৰে ভৰা চৰকাৰ খনে৷ থলুৱাৰ এনে চিৎকাৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, আমোলাই শুনিবলৈ চেষ্টা নকৰিলে৷ অসমৰ থলুৱাৰ মুখত এনে মন্তব্য কৰাৰ পিছতো শ-শ থলুৱাৰ পৰিয়ালক আমচাঙত উচ্ছেদ কৰিছিল৷ বহু লোকে ক’লে আমি মৰি যাম তথাপিও আমি মাটি এৰি নিদিও৷ আমি খিলঞ্জীয়া মানুহ আমি বাংলাদেশী নহয়৷ খোদ বাংলাদেশী নহয় বুলি চিনাকী দিয়াৰ পিছতোঁ গাৰ বলেৰে চৰকাৰে উচ্ছেদ কৰিছিল ইটোৰ পিছত সিটো পৰিয়ালৰ ঘৰ৷ হাতী, এক্সভেটৰেৰে আৰক্ষী, চিআৰপিএফৰ মানুহৰ লগত লৈ একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল চৰকাৰে আমচাংত৷ চৰকাৰে বনাঞ্চল বেদখল মুক্ত কৰিবলৈ এই প্ৰচেষ্টা হাতত লৈছিল৷ 

কিন্তু ৰাজ্যত বান-গৰাখহনীয়া কৱলত পৰি টম্বুৰ তলত শ-শ থলুৱাই বসবাস কৰিব লগা হৈছে তাৰ খবৰ লবলৈ চৰকাৰৰ আগৰি নাই৷ যাৰ ফলত নৈ পাৰত বসবাস কৰি থকা কেইবা শ জনগোষ্ঠীয় লোকে উচুপি উঠে৷ জাতি-মাটি-ভেটিৰ কথা কোৱা বিজেপিয়ে বনাঞ্চল বেদখন মুক্ত কৰি থলুৱাক আশ্ৰয়হীন কৰিব খোজে যদিও সেই একেই বনাঞ্চল পুঁজিপতিক গতাব খোজে৷

ইতিমধ্যে ৰাজ্যৰ শোণিতপুৰ, কামৰূপ আদি জিলাত কেইবা শ বিঘা ভূমি বনাঞ্চলৰ অধিনত থকাৰ পিছতোঁ পুজিপতি দিছে চৰকাৰে৷ সাধাৰণ থলুৱাই বসবাস কৰিলে অবৈধ বেদখলকাৰী হৈ পৰা কিন্তু সেই একে ভূমি পুঁজিপতিক পানীৰ দৰত দিয়ে চৰকাৰে৷ 

এইবাৰ পুঁজিপতিৰ চকু পৰিছে বাক্সাৰ সংৰক্ষিত বনাঞ্চল সমূহত৷ সংৰক্ষিত বনাঞ্চলৰ মাটি বিচাৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক পত্ৰ প্ৰেৰণ কৰিছে বাব ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলীয়ে। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত বেলখুটিত ১২০০ বিঘা মাটি পতঞ্জলীক দিয়াৰ পিছতোঁ পুনৰ পতঞ্জলীয়ে সংৰক্ষিত বনাঞ্চলৰ মাটি বিচাৰি হাগ্ৰামাক আবেদন কৰা বুলি জানিব পৰা গৈছে৷ ২০১৭ চনৰ ২৬ অক্টোৱৰত পি ৱাই পি (টি)/এইচ আৰ/এআৰ/2017-18/0011 নম্বৰ পত্ৰযোগে পতঞ্জলীয়ে হাগ্ৰামা মহিলৰাকী আবেদন জনায়৷ 

বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগাজুলি সংৰক্ষিত বনাঞ্চলৰ মাটিত বটানিকেল গাৰ্ডেন নিৰ্মাণৰ প্ৰস্তাৱ দি পতঞ্জলী ট্ৰাষ্টে বিটিচি প্ৰশাসনক আবেদন জনাই বুলি খবৰ প্ৰকাশ হৈছে। 

বাক্সা জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ আঙাৰকাটা বেলখুটিত প্ৰায় ১২০০ বিঘা ভূমি কোনো কৰ নোলোৱাকৈ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ বাবে পতঞ্জলি নামৰ অনুষ্ঠানটোক প্ৰদান কৰিছিল বিটিচি প্ৰশাসনে৷ শেহতীয়াকৈ পুনৰ ৰঙিয়া-ভূটান পথৰ দাঁতিৰ কুুুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বগাজুলি সংৰক্ষিত বনাঞ্চলৰ তিনিশ বিঘা মাটি বিচাৰি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীক পতঞ্জলীয়ে আবেদন কৰিছে৷ 

উল্লেখ্য যে, সংৰক্ষিত বনাঞ্চলখন পূৰ্বে ভাৰতীয় সেনা বাহিনীয়ে বন বিভাগৰ পৰা লীজত লৈ শিবিৰ স্থাপন কৰিছিল৷ কিন্তু ভাৰত-ভূটান সীমান্তৰ পৰিস্থিতি শান্ত হোৱাত সেনাবাহিনীয়ে শিবিৰ অন্য ঠাইলৈ নিয়ে৷ পুনৰ বনাঞ্চলৰ ঠাই বন বিভাগে চমজি লয়৷ ভাৰতীয় সেনা থকা সময়লৈকে বনাঞ্চলখনত বহু মুল্যবান গছ-গছনিৰে সেউজীয়া হৈ আছিল৷ কিন্তু সেনা বাহিনীয়ে এৰি যোৱাত বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰে৷ 

বনৰীয়া হাতীৰ বাসস্থান হিচাপে পৰিচিত সংৰক্ষিত বনাঞ্চলখন পতঞ্জলীয়ে অধিগ্ৰহণ কৰিব খোজাত জাঙুৰ খায় উঠিছে কুমাৰীকাটা অঞ্চলৰ দল-সংগঠন৷ জানিব পৰা মতে, বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে সংৰক্ষিত বনাঞ্চলখনৰ তিনিশ বিঘা মাটি পতঞ্জলীক দিবলৈ বাক্সা জিলা বন বিভাগক নিৰ্দেশ দিছে৷ বন বিভাগৰ এক সুত্ৰৰ মতে পতঞ্জলীক সংৰক্ষিত বনাঞ্চলখনৰ মাটি দিয়াৰ বাবে তেওঁলোকলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে৷ ফলত কুমাৰীকাটা অঞ্চলৰ জাতীয় সংগঠন সমূহে তীব্ৰ বিৰোধিতা কৰিছে হাগ্ৰামাৰ এনে বন ধ্বংসকাৰী কাৰ্যৰ৷ 

কোনোপধ্যে সংৰক্ষিত বনাঞ্চলখন পতঞ্জলীক এৰি নিদিয়ে বুলি হুংকাৰ দিয়ে৷ বনৰীয়া হাতীৰ বাসস্থান হিচাপে চিহ্নিত বনাঞ্চলখন যদিহে পতঞ্জলীক এৰি দিয়ে তেন্তে ভাৰত-ভূটান সীমান্তত দৈনিক হাতী-মানুহৰ সংঘাত বৃদ্ধি পাব বুলি আশংকা ব্যক্ত কৰিছে সংগঠনসমূহে৷ বাসস্থানৰ অভাৱত গ্ৰাম্য অঞ্চলত প্ৰৱেশ কৰিব হাতীয়ে৷ ভাৰত-ভূটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলখন পতঞ্জলীক দিয়াৰ পৰিৱৰ্তে বিটিচি প্ৰশাসন-বন বিভাগে গছ পুলি ৰোপণ কৰি সেউজীয়া কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে দল-সংগঠনে৷ আনহাতে বিটিচি প্ৰশাসনে যদিহে বনাঞ্চলৰ মাটি পতঞ্জলীক এৰি দিয়ে তেন্তে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি সকিয়াই দিয়ে জাতীয় সংগঠনসমূহে৷