কোকৰাঝাৰঃ বিটিচিৰ বিধান পৰিষদীয় ভৱনত আজিৰে পৰা পুনৰ দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বিটিচিৰ বিশেষ পৰিষদীয় অধিৱেশন ৷

উল্লেখ্য যে যোৱা ২৯ আৰু ৩০ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বিটিচিৰ গ্ৰীষ্মকালীন অধিৱেশনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শিক্ষা বিধেয়ক ২০১৭" ক লৈ বহু বিতৰ্কৰ সূত্ৰপাত হৈছিল আৰু বিধেয়কখন আলোচনা মৰ্মে সংশোধনী ৰূপত পুনৰ সদনত উপস্থাপন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

সেইমৰ্মে ৰাজ্যপালৰ অনুমোদন ক্ৰমে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ বিশেষ অধিবেশনখনৰ প্ৰথম দিনা ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত বিটিচিৰ শিক্ষা বিভাগৰ দায়িত্বত থকা উপমুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে বিটিচিৰ শিক্ষা বিধেয়ক ২০১৭ সংশোধন ঘটাই পুনৰ সদনৰ মজিয়াত উত্থাপন কৰে৷

বিৰোধী গোটৰ দলপতি তথা পৰিষদীয় সদস্য ৰনগৌড়া নাৰ্জাৰীয়ে বিটিএডি অঞ্চল যিহেতু শিক্ষাত বহু পিছপৰা তেনেক্ষেত্ৰত বিটিচিৰ শিক্ষা বিধেয়কখন জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অধ্যয়ন কৰিহে কাইলৈ সদনৰ মজিয়াত সিদ্ধান্ত ল'ব ৷

ইফালে আজি প্ৰথম দিনা বিটিচিৰ বিশেষ অধিৱেশনত প্ৰশ্নোত্তৰ শিতানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সমস্যা সন্দৰ্ভত পৰ্বতঝোৰা সমষ্টিৰ দেবীতোলা উন্নয়ন খণ্ডৰ কাৰ্যালয়টো যোৱা ২০০৮ চনৰ পৰা ধুবুৰী জিলাৰ গৌৰীপুৰৰ ভাড়াঘৰত স্থানান্তৰ কৰাত ৰাইজৰ অসুবিধা হোৱা বুলি দাঙি ধৰে সমষ্টিৰ এমচিএলএ যতীন্দ্ৰ নাথ ব্ৰহ্মই ৷

এইক্ষেত্ৰত  সংশ্লিষ্ট বিভাগৰ হৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কয় যে  দেবীতোলা খণ্ড উন্নয়ন কাৰ্যালয়ৰ চৌহদত ইন্টাৰনেটৰ অনলাইন সেৱা নথকাৰ বাবে গৌৰীপুৰত কাৰ্যালয়টো স্থানান্তৰ কৰা হৈছে বুলি স্বীকাৰ কৰে৷ উল্লেখ্য যে আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বিটিচিৰ বিশেষ অধিৱেশনখনৰ প্ৰথমদিনা মাত্ৰ ১৫ মিনিটৰ বাবেহে সদনৰ কাম-কাজ চলে।