গোলকগঞ্জঃ ৰাজ পথত দাউদাউকৈ জ্বলিল এক লাখ টকীয়া টাটা নেন’৷ বিশ্বৰ সবাতোকৈ কম মূল্যৰ গাড়ী হিচাপে পৰিগণিত টাটা নেন’ এনেদৰে পথৰ মাজতে জ্বলিল ধুবুৰি জিলাৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত নন্দপাল পাৰ্কিং সংলগ্ন ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত৷

AS-17-A-5554 নম্বৰৰ টাটা নেন’ খন ধুবুৰী পৰা পশ্চিমবংগ অভিমুখে গৈ থকা অৱস্থাত দেওবাৰে প্ৰায় দুই বজাত ইঞ্জিনৰ বিজুতিৰ বাবে জুই লগা বুলি সন্দেহ কৰিছে৷ পথত হঠাৎ এনেদৰে জুই লগাত গাড়ী খন ভস্মীভূত হয়৷ টাটা মট'ৰছৰ দ্বাৰা উৎপাদিত চাৰিচকীয়া গাড়ী টাটা নেন’।

ভাৰতবৰ্ষত নিৰ্মিত আৰু বিক্ৰী হোৱা ২০০৮ চনৰ ১০ জানুৱাৰীত নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত এখন অট'এক্সপ'ত এই গাড়ীখন বজাৰত মুকলি কৰি দিয়া হৈছিল। প্ৰথমতে ইয়াৰ মূল্য মাত্ৰ এক লাখ টকা আছিল৷