লীলা!

ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্য সেৱাৰ মান অতি নিম্ন আৰু পয়া লগা বুলি ৰাইজে বাৰম্বাৰ অভিযোগ কৰি অহাৰ পাছতো চৰকাৰ এই লৈ নিৰ্বিকাৰ। দুয়োটা গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত থকা মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মতে সকলো ঠিকেই আছে। আনকি এই লৈ তেওঁ ফিতাহি মাৰিবলৈও এৰা নাই। তেওঁ থাকোতে সংশ্লিষ্ট  দুয়োটা বিভাগত কোনো কেৰোণ থাকিবই নোৱাৰে বুলি দম্ভালি মাৰাৰ সময়তে শেহতীয়াকৈ কেগৰ প্ৰতিবেদনে উদঙাই দিছে অসমৰ স্বাস্থ্য আৰু শিক্ষাৰ মান কিমান অধপতনে গৈছে।