newsnextone.com | চাবুৱাঃ যুৱ প্ৰজন্মক ধ্বংস কৰিব খোজা কোনো অবৈধ ব্যৱসায় চলিব নিদিয়াৰ হুংকাৰ দি পুনৰ সষ্টম হৈ পৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱা আৰক্ষী৷ মদ, গাঞ্জা, ড্ৰাছৰ দৰে বৰবিহৰ পৰা যুৱ প্ৰজন্মক ৰক্ষা কৰাৰ স্বাৰ্থত চাবুৱা আৰক্ষীয়ে বিগত সময়ত অবৈধ মদকে ধৰি বিভিন্ন ঘাটি উৎসাত কৰি আহিছে৷ আৰক্ষীয়ে এনে ঘাটি সমূহ পুনৰ আৰম্ভ হোৱাৰ খবৰ লাভ কৰাত পুনৰ আৰম্ভ কৰিছে ঘাটি উচ্ছেদ অভিযান৷

বৃহস্পতিবাৰে মদ, জুৱাৰ ঘাটিত পুনৰ অভিযান আৰম্ভ কৰিছে চাবুৱা আৰক্ষীয়ে৷ বিগত দিনত চাবুৱা অঞ্চলত অবৈধ মদ, লালিগুড়ৰৰ ব্যৱসায় চলাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে বৃহস্পতিবাৰৰ পৰা পুনৰ অভিযান আৰম্ভ কৰি সফলতা লাভ কৰিছে চাবুৱা আৰক্ষীয়ে৷

চাবুৱা মেৰেলি পথাৰ, দিনজয় গাঁও, কদমণি, চাবুৱা নগৰকে ধৰি বিভিন্ন স্থানত চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসন্ন সোণোৱালৰ নেতৃত্বত ধাৰাবাহিক অভিযান চলাই মদ-লালিগুড়ৰ নিৰ্মাণস্থিল উৎসাত কৰিবলৈ সক্ষম হৈছে।